প্ৰসূতি আৰু কেঁচুৱাৰ মৃত্যুৰ হাৰক লৈ উদ্বিগ্ন বৰপেটা প্ৰশাসন । স্বাস্থ্য বিভাগক সম্ভপৰ সকলো ব্যৱস্থা লোৱাৰ নিৰ্দেশ উপায়ুক্তৰ ।

বৰপেটা, ২৪ ছেপ্টেম্বৰ: বৰপেটা জিলাৰ শিমলাগুৰিৰ ৰতন ক্ষত্ৰিয়ৰ পত্নী সুমিত্ৰাই এটা এটাকৈ তিনিটা কন্যা সন্তান জন্ম দিছিল । তাৰ পিছতো ল’ৰা সন্তানৰ আশাত চতুৰ্থটো সন্তান জন্ম দিবলৈ গৈ বৰপেটা ৰোডৰ চিকিৎসালয়ত যোৱা ১৮ আগষ্টত ৩৫ বছৰ বয়সত মৃত্যুক সাৱতি লয়। একেদৰে মন্দিয়াৰ আমিনুৰ ৰহমানৰ পত্নী খুদেজা খাতূনে ১৮ বছৰ বয়সতে গৰ্ভধাৰণ কৰি ৰক্তহীনতা আদি সমস্যাৰ ফলত সন্তান জন্ম দিয়েই যোৱা ২৪ মে’ত মৃত্যু মুখত পৰে। এনেদৰেই অধিক সন্তান জন্ম দিয়া আৰু অপৈনত বয়সত গৰ্ভধাৰণ কৰাৰ ফলত বৰপেটা জিলাৰ বহু প্ৰসূতিয়ে কম বয়সতে কৰুণভাবে মৃত্যুক সাৱতি লবলগীয়া হয়। তদুপৰি স্বাস্থ্যৰ সঠিক যত্ন নোলোৱা, পৰিপুষ্টি আৰু সাৱধানতাৰ অভাৱ আদিৰ বাবেও বিভাগীয় তথ্য অনুসৰি চলিত বিত্তীয় বৰ্ষটোত এই পৰ্যন্ত ২০ গৰাকী প্ৰসূতি বা গৰ্ভৱতী মহিলা মৃত্যু মুখত পৰাৰ বিপৰীতে কেঁচুৱাৰ মৃত্যুৰ সংখ্যা হৈছেগৈ ১৫৭। অৱশ্যে প্ৰকৃত সংখ্যা ইয়াতকৈ অধিক হোৱাৰ আশংকা আছে। এই বিষয়টোক লৈ উদ্বীগ্ন জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাৰ সভাপতিত্বত তেওঁৰ কাৰ্যালয়ৰ সভাকক্ষত কালি জিলাখনৰ প্ৰসূতি আৰু শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ বিষয়ত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। সভাত উপায়ুক্ত শৰ্মাই চিকিৎসক আৰু স্বাস্থ্য কৰ্মী সকলক কেঁচুৱা আৰু প্ৰসূতিৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ বাবে সম্ভৱপৰ সকলো প্ৰচেষ্টা হাতত লবলৈ আহ্বান জনায়। তেওঁ কয় যে আজিৰ আধুনিক চিকিৎসা বিজ্ঞানৰ যুগত এনে প্ৰতিটো ঘটনাই সমাজৰ বাবেই অতি দুৰ্ভাগ্যজনক। সকলোৰে সমন্বিত প্ৰচেষ্টাইহে ইয়াৰ অৱসান ঘটাব পাৰিব বুলি তেওঁ মতপোষণ কৰে। এই সভাতে ওপৰত উল্লেখিত দূৰ্ভগীয়া প্ৰসূতি দুগৰাকীৰ পৰিয়ালৰ লোকো উপস্থিত থাকি নিজৰ অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰে। সভাত এনে প্ৰতিটো ঘটনাৰ পৰ্যালোচনা চলাই তাৰ প্ৰতিকাৰৰ বাবে লব লগীয়া ব্যৱস্থা সন্দৰ্ভতো আলোচনা কৰা হয়। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰেও বিষয়টোত উদ্বিগ্নতা প্ৰকাশ কৰি এই সম্পৰ্কত বিহিত ব্যৱস্থা লোৱাৰ বাবে জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগক পৰামৰ্শ দিছে। সভাত জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা: তীৰ্থনাথ শৰ্মা, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, অতিৰিক্ত মুখ্য স্বাস্থ্য বিষয়া ডা প্ৰমথেশ শৰ্মা, বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ স্ত্ৰীৰোগ বিভাগৰ সহকাৰী অধ্যাপক ডা: কৰবী বৰ্মন, শিশু ৰোগ বিভাগৰ ডা: ইন্দিৰা দাস, জিলা স্বাস্থ্য অভিযানৰ কৰ্মসূচী বিষয়া ৰাজীব মেধী আদি বিষয়া আৰু বিশেষজ্ঞ চিকিৎসকো উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *