গোৱালপাৰাত আৰ পি শৰ্মা । বিজেপিত সোমাইছে ভুৱা আৰ এছ এছ : আৰ পি শৰ্মা ।

ডিজিটেল সংবাদ গোৱালপাৰা :
গোৱালপাৰাত যোৱা কালি উপস্থিত হয় ন কংগ্ৰেছ আৰ পি শৰ্মা। আৰ পি শৰ্মাৰ মুখত এতিয়াও আৰ এছ এছ বিদ্যমান ।কিয়নো আৰ এছ এছে কেতিয়াও বেয়া কথা শিকোৱা নাছিল ।এতিয়া বিজেপিত সোমাইছে ভুৱা আৰ এছ এছ আৰু এই ভূৱা আৰ এছ এছ নিঃশেষ কৰিব বিজেপিক।কংগ্ৰেছে ক্ষমতালৈ আহিলে তেওলোকে পেলাই দিব আৰ এছ এছ ওচৰ টুপী আৰু কংগ্ৰেছ যোগদান কৰিব। কংগ্ৰেছ-এআইইউডিএফৰ মিত্রতাক লৈ ভয় খাইছে বিজেপিয়ে।সেই কাৰণে বিজেপিয়ে আবোল তাবোল বকি আছে ।হিমন্ত বিশ্ব শর্মাই কংগ্ৰেছৰ ৰাজীৱ ভৱন আজমল ভৱন হব বুলি মন্তব্য সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আৰ পি শৰ্মাই কয় যে ভাৰতৰ সংবিধান নমনা দল,জাতীয় পতাকা নমনা দল, আফজল গুৰুত শ্বহীদ কোৱা দলে এইবোৰ কথা শোভা নাপায়।আজমল যদি বিদেশী তেন্তে কেন্দ্রত ৰাজ্যত তেওঁলোকৰ চৰকাৰ বাংলাদেশলৈ পঠিয়াই নিদিয়ে কিয়।আগন্তুক নির্বাচনত বিজেপিয়ে ২৫ ৰ পৰা ৩৫ ৰ বেছি আসন নাপায় বুলিও তাৎপর্য পূৰ্ণ মন্তব্য কৰে আৰ পি শৰ্মাই ।তেও দলৰ সাংগঠিনক ভেটি সম্পৰ্কে জনপ্ৰতিনিধিৰ ৰাইজৰ প্ৰতি মৰম,মিছামাছ আৰু ভাল ব্যৱহাৰ থাকিব লাগিব বুলি উল্লেখ কৰে ।আজি গোৱালপাৰা জিলা কংগ্ৰেছৰ কাৰ্যালয়ত প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ ৭৬তম জন্ম জয়ন্তী আৰু সেৱা দলৰ ইয়ং ব্ৰিগেডৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱস উপলক্ষে অনুষ্ঠিত হোৱা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি আৰ পি শৰ্মাই এইদৰে ভাষণ প্ৰদান কৰে ।জিলা কংগ্ৰেছৰ সভাপতি আব্দুছ ছামাদ সৰকাৰে সভাপতিত্ব কৰা সভাত স্থানীয় বিধায়ক এ কে ৰছিদ আলমেও উপস্থিত থাকে ।

Leave a Reply

Your email address will not be published. Required fields are marked *