বৰপেটা জিলা উচ্চ পৰ্যায়ৰ পথ সুৰক্ষা সমিতিৰ বৈঠক । ১১৯২৫ টা গোচৰ, ২.১০ কোটিৰ জৰিমণা : হ্ৰাস পাইছে দুৰ্ঘটনাৰ সংখ্যা ।

বৰপেটা, ২৮ ডিচেম্বৰ: পথ-সুৰক্ষাৰ বাবে ৰূপায়িত আইন সমূহ কঠোৰ ভাবে কাৰ্যকৰী কৰিবলৈ বৰপেটা লোক সভাৰ সাংসদ আব্দুল খালেকে আহ্বান জনাইছে। আজি বৰপেটা জিলা উচ্চ পৰ্যায়ৰ পথ সুৰক্ষা সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভাত সভাপতিত্ব কৰি তেওঁ কয় যে জনসাধাৰণৰ সুৰক্ষাৰ প্ৰশ্নটো আটাইতকৈ গুৰুত্বপূৰ্ণ। সেয়েহে আনকি গাৱেঁ-ভূঞে চলি থকা বাহন সমূহৰ অভাৰ-লোডিঙৰ বিৰুদ্ধেও আৰক্ষী তথা পৰিবহন বিভাগক কঠোৰ হবলৈ তেওঁ পৰামৰ্শ দিয়ে। ইফালে বৰপেটা -পাটাছাৰকুছীৰ মাজত ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ কাম পূৰ্ব নিৰ্ধাৰিত ৩১ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰিব নোৱাৰাত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি সাংসদজনে অহা ৩১ জানুৱাৰীৰ ভিতৰত সম্পূৰ্ণ কৰিব নোৱাৰিলে কে এম চি নামৰ নিৰ্মাণ প্ৰতিষ্ঠানটোক ব্লেক লিষ্টেড কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক দাবী জনাব বুলি সকীয়াই দিয়ে। জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সভাখনৰ আৰম্ভণীতে ভাৰপ্ৰাপ্ত জিলা পৰিবহন বিষয়া হিমাংশু দাসে বৰপেটা জিলাৰ পথ সুৰক্ষাৰ বিভিন্ন দিশৰ ব্যাখ্যা দাঙি ধৰি কয় যে জিলা পথ সুৰক্ষা সমিতিৰ আশাসুধীয়া প্ৰচেষ্টা আৰু ৰাইজৰ সহযোগিতাৰ ফলত যোৱা বছৰৰ তুলনাত চলিত বৰ্ষত পথ দুৰ্ঘটনাৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে। এই সম্পৰ্কত পৰিসংখ্যা দাঙি ধৰি তেওঁ কয় যে যোৱা বছৰ ছেপ্টেম্বৰ মাহত সংঘটিত ৪৭ টা পথ দুৰ্ঘটনাৰ বিপৰীতে এই বছৰৰ একে মাহত ১৯ টা দুৰ্ঘটনা সংঘটিত হৈছে। একেদৰে অক্টোবৰ মাহত যোৱা বছৰ ৪৫ টা দুৰ্ঘটনা সংঘটিত হোৱাৰ বিপৰীতে এইবছৰ ১৪ টা দুৰ্ঘটনা জিলা খনত সংঘটিত হয়। নৱেম্বৰ মাহৰ পৰিসংখ্যা হল ৪০ আৰু ১৭। তেওঁ লগতে জনোৱা মতে পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দ্যেশ্যে প্ৰচাৰ মূলক সভা সমিতি অনুষ্ঠিত কৰাৰ লগতে বিধি বহিৰ্ভূত যান-বাহন চালকৰ বিৰুদ্ধে ব্যাপক অভিযান চলাই যোৱা ২০১৯-২০ বিত্তীয় বছৰটোত এই পৰ্যন্ত ১১, ৯২৫ টা গোচৰ ৰুজু কৰি ২.১০ কোটি টকা জৰিমনা সংগ্ৰহ কৰা হৈছে। সভাত পাৱাৰ প‌ইন্ট উপস্থাপনৰ জৰিয়তে বৰপেটা জিলাৰ পথ সমূহৰ স্পৰ্শকাতৰ অঞ্চল সমূহ চিনাক্ত কৰি তাৰ আসোৱাহ সমূহ দূৰ কৰাৰ বিষয়ে আলোচনা কৰা হয়। সভাত অতিৰিক্ত উপায়ুক্ত সব্যসাচী কাশ্যপ আৰু নৱজিৎ পাঠক, যুটীয়া স্বাস্থ্য সঞ্চালক ডা তীৰ্থনাথ শৰ্মা, অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰূপম হাজৰিকা জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, লোক নিৰ্মাণ পথ বিভাগৰ বৰপেটা ক্ষেত্ৰীয় সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা ভাৰত দাস, সৰভোগ সংমণ্ডলৰ কামজিৎ দাস, যান-বাহন পৰিদৰ্শক পঙ্কজ দাস, বজালী মহকুমা আৰক্ষী বিষয়া বিৰিঞ্চি বৰা, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীৰ প্ৰতিনিধি, নিৰ্মাণ কাৰী সংস্থা কে এম চিৰ প্ৰতিনিধি আদি উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *