বৰপেটাত কৃতী ছাত্ৰীৰ মাজত স্কূটী বিতৰণ । বৰপেটা জিলাৰ গৌৰৱময় ঐতিহ্যক সুঁৱৰিলে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে।

বৰপেটা, ২ ডিচেম্বৰ: যোৱা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা বৰপেটা জিলাৰ ছাত্ৰীসকলৰ মাজত স্কুটী বিতৰণৰ প্ৰক্ৰিয়া ৰাজ্যৰ পৰিবহন, উদ্যোগ তথা বাণিজ্য ইত্যাদি বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদৰ খেলপথাৰত আয়োজিত এটি সুন্দৰ অনুষ্ঠানত উচ্চ শিক্ষা বিভাগৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ড: বাণীকান্ত কাকতি মেধা বঁটা হিচাবে এই স্কুটী সমূহ প্ৰদান কৰা হয়। লক্ষণীয়ভাৱে ভাৱে পণ্ডিত প্ৰৱৰ ডা কাকতি এইখন বিদ্যালয়ৰ পৰাই ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভিতৰত প্ৰথম স্থান লাভ কৰি মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই আতঁধৰা অনুষ্ঠানটোৰ আৰম্ভণিতে ড: বাণীকান্ত কাকতিৰ প্ৰতিচ্ছবিৰ সন্মূখত বন্তি প্ৰজ্বলন কৰা হয়। বৰপেটা জিলাৰ আন এগৰাকী প্ৰাত:স্মৰণীয় মণিষী অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীৰ আজি স্মৃতি দিৱস উপলক্ষে তেখেতৰ প্ৰতিও বিশেষ শ্ৰদ্ধাঞ্জলি জনাই অনুষ্ঠানৰ আৰম্ভণীতে তেওঁৰ ৰচিত এটি সমবেত সংগীত পৰিবেশন কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে দিয়া ভাষণত দক্ষতা বিকাশ আৰু সংসদীয় পৰিক্ৰমা বিভাগৰো দায়িত্বত থকা মন্ত্ৰী গৰাকীয়ে অসমৰ সাহিত্য সংস্কৃতিৰ উপৰি প্ৰশাসনিক ক্ষেত্ৰতো বৰপেটা জিলাই বহু সুসন্তান জন্ম দিছে বুলি উদাহৰণ সহ উল্লেখ কৰে। সেই সকলৰ আৰ্হি আৰু প্ৰেৰণাৰে তেওঁ ছাত্ৰী সকলক নিজকে মানৱ সম্পদ ৰূপে গঢ়ি তোলাত আত্মনিয়োগ কৰিবলৈ আহ্বান জনায়। তেওঁ কয় আমি কেৱল এটা ভাল চাকৰি বা সংস্থাপনৰ লক্ষ্য লৈ আগবঢ়াৰ পৰিবৰ্তে বিশ্বৰ বাবে কিবা এটা কৰাৰ মন-প্ৰাণ লৈ বিজ্ঞান আৰু গৱেষণা ক্ষেত্ৰত আগবাঢ়ি যাব লাগে। জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই দিয়া আদৰণি ভাষণত কয় যে ৰাজ্যৰ মেধাবী ছাত্ৰীসকলক শৈক্ষিক দিশত আগবঢ়াই নিয়াৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা ই এখন অভিলাষী আঁচনি। ইয়াৰ দ্বাৰা মহিলা সবলীকৰণতো যথেষ্ট সহায়ক হব বুলি তেওঁ মত প্ৰকাশ কৰে। ডা বাণীকান্ত কাকতি মেধা বঁটাৰ বাবে বৰপেটা জিলাৰ ১৪৩০ গৰাকী ছাত্ৰী নিৰ্বাচিত হোৱাটো অতি আনন্দৰ কথা বুলি তেওঁ উল্লেখ কৰে। সভাত বৰপেটা বিধানসভা সমষ্টিৰ বিধায়ক গুণীন্দ্ৰ নাথ দাসেও চমু ভাষণ দি এনে অভিলাষী আঁচনি গ্ৰহণ কৰা বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ড: হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ দিয়ে। অনুষ্ঠানত বৰপেটা জিলাৰ ভিতৰত শীৰ্ষ স্থান লাভ কৰা প্ৰথম পাচঁ গৰাকী ছাত্ৰীৰ মাজত মন্ত্ৰী পাটোৱাৰীয়ে স্কুটী বিতৰণ কৰে। তেওঁ লোক হল বৰপেটাৰ কাশ্মীৰী দাস, পাঠশালাৰ জুস্মিতা গোস্বামী, জিন্তী দেৱী, অলিশ্মিতা শৰণীয়া আৰু চন্দ্ৰিকা কলিতা। তেওঁ লোকক গামোছাৰে সম্বৰ্দ্ধনা জনোৱাৰ উপৰিও শিক্ষা বিভাগৰ পৰা এখন প্ৰমাণ পত্ৰৰ উপৰি পৰিবহন বিভাগৰ তৰফৰ পৰা গাড়ীৰ পঞ্জীয়ন পত্ৰ, পথ-সুৰক্ষা সম্বন্ধীয় বিধি বিধানৰ সজুলী আৰু এটা হেলমেট প্ৰদান কৰা হয়। ইয়াৰে জিন্তি দেৱীয়ে সভাত দিয়া ভাষণত অসম চৰকাৰে এনে বহুমূলীয়া উপহাৰ প্ৰদান কৰা বাবে অশেষ ধন্যবাদ জনায়। জনসংযোগ বিষয়া বিকাশ শৰ্মাই সভাত ঘোষণা কৰা মতে বাকী সকল ছাত্ৰীক স্কুটী বিতৰণৰ প্ৰক্ৰিয়া অহা ৫ জানুৱাৰীৰ পৰা পৰ্যায় ক্ৰমে আৰম্ভ হব। তাৰবাবে স্কুটীৰ ডিলাৰে সংশ্লিষ্ট ছাত্ৰী সকলৰ সৈতে টেলিফোনত যোগাযোগ কৰিব আৰু সেইমতে বৰপেটাৰ মাধব চৌধুৰী মহাবিদ্যালয়লৈ আহি নথি-পত্ৰ সত্যাৰ্পন কৰিব লাগিব। যথাসম্ভৱ সোণকালে পৰ্যায়ক্ৰমে নিৰ্বাচিত সকলো ছাত্ৰীকে স্কূটী প্ৰদান কৰা হব বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ ছাত্ৰী সকলক ড্ৰাইভিং লাইচেন্স আৰু হেলমেট অবিহনে নচলাবলৈ বাৰম্বাৰ অনুৰোধ জনায়। সভাত অসম বিত্ত নিগমৰ উপাধ্যক্ষ অনিল দাস, অসম কৃষি বিপনণ পৰিষদৰ উপাধ্যক্ষ মনোজ বৰুৱা, অসম শক্তি উৎপাদন প্ৰতিষ্ঠানৰ অন্যতম সঞ্চালক শংকৰ চন্দ্ৰ দাস আৰু অসম উদ্যোগিক উন্নয়ন নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰ, অতিৰিক্ত উপায়ুক্ত সান্তনা বৰা, জিলা পৰিবহন বিষয়া হিমাংশু দাস আদিও উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *