সৰুক্ষেত্ৰীৰ বাবে মিত্ৰজোঁট নে মহাজট !

কয়াকুছি : নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থী প্ৰক্ষেপৰ কাম কাজ তুংগত উঠিছে। অন্যান্য ৰাজনৈতিক দলৰ সমান্তৰাল ভাৱে বি জে পি দলৰ মিত্ৰজোঁটে সৰুক্ষেত্ৰী সমষ্টিত কল্পনা পাটোৱাৰীক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ খবৰ পোৱা গৈছে। কংগ্ৰেছৰ মহাজোঁটে কাক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব সেয়া এতিয়াও নিশ্চিত হোৱা নাই । ইফালে সৰুক্ষেত্ৰী সমষ্টিৰ বৰ্তমানৰ কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ সমৰ্থক সকলে জাকিৰ হুছেইন শিকদাৰে মিত্ৰজোঁটৰ প্ৰাৰ্থীত্ব পোৱা বুলি মিঠাই খোৱা আৰু ফটকা ফুটোৱা পৰিলক্ষিত হোৱাৰ লগতে  এ আই ইউ ডি এফৰ  নেত্ৰী মিনাক্ষী ৰহমানৰ সমৰ্থক সকলেও মিনাক্ষী ৰহমানে মিত্ৰজোঁটৰ প্ৰাৰ্থীত্ব পোৱা বুলি মিঠাই খোৱা আৰু ফটকা ফুটোৱাই আনন্দ উল্লাহ কৰা পৰিলক্ষিত হৈছে। এনেকুৱা পৰিস্থিতিত সৰুক্ষেত্ৰী সমষ্টিৰ ভোটাৰ ৰাইজে কংগ্ৰেছৰ মিত্ৰজোঁটৰ প্ৰকৃত প্ৰাৰ্থীত্বক লৈ অনিশ্চয়তাত ভুগিছে যদিও ফটকা আৰু মিঠাই দোকানী সকলে কিছুপৰিমানে হ’লেও লাভবান হৈছে। পিছত এই দুয়োটা দলৰ পৰাই বন্ধুত্বসুলভ প্ৰতিদ্ধন্ধী প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ সম্ভাৱনা আছে।
কয়কুছিৰ  পৰা শ্বৰীফুল ইছলামৰ প্ৰতিবেদন

Leave a Reply

Your email address will not be published. Required fields are marked *