বৰপেটাৰ কাঁহিকুছিত অবৈধ কাঠফলা মিল জব্দ বন বিভাগৰ ।

ডিজিটেল সংবাদ বৰপেটা :
বৰপেটা জিলাৰ বহৰি খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত কাঁহিকুছিত আজি বন বিভাগৰ লোকে অভিযান চলাই এটা অবৈধ কাঠফলা মিল জব্দ কৰে। বৰপেটা ৰোড বনাঞ্চলিক বিষয়া জয়ন্ত নাথৰ নিৰ্দেশত বহৰি খণ্ড বন বিষয়া বনজিৎ দাস আৰু বৰপেটা খণ্ড বন বিষয়া অচিন্ত দেউৰীৰ লগতে বনাঞ্চলিক কাৰ্যালয়ৰ বনপালক বিপুল চৌধুৰী, ধৰ্মেশ্বৰ তালুকদাৰসহ বন বিভাগৰ লোকে কাঁহিকুছিত অভিযান চলাই অবৈধ কাঠফলা মিল উৎখাত কৰাৰ লগতে মিলটো জব্দ কৰে। উল্লেখ্য যে বন বিভাগৰ চকুত ধূলি দি দীৰ্ঘদিন ধৰি দুষ্ট চক্ৰই চলাই আহিছিল অবৈধ কাঠফলা মিলটো। অবৈধ কাঠফলা মিলটোৰ গৰাকীৰ বিৰুদ্ধে বন বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *