নিৰ্বাচনী বতৰত ধন আৰু সুৰাৰ সৰবৰাহৰ বিৰুদ্ধে তৎপৰ বৰপেটা জিলা প্ৰশাসনএতিয়ালৈ ২৯ লাখ টকা আৰু ১১ হাজাৰ লিটাৰ চুলাই মদ জব্দবৰপেটা জিলাৰ ১৭৫৭ জন বৃদ্ধ আৰু অক্ষম ব্যক্তিয়ে ঘৰৰ পৰাই দিব ভোট । ৭৪ সাংবাদিকলৈও পোষ্টেল বেলটৰ সুবিধা ।

বৰপেটা, ১৪ মাৰ্চ : আগন্তুক নিৰ্বাচন সম্পূৰ্ণ মুক্ত আৰু নিকাভাবে অনুষ্ঠিত কৰাৰ স্বাৰ্থত বৰপেটা জিলা প্ৰশাসনে অবৈধ সুৰা আৰু নিচাযুক্ত সামগ্ৰীৰ উপৰি ৫০ হাজাৰ টকাৰ অধিক পৰিমাণৰ নগদ ধনৰ সৰবৰাহৰ বিৰুদ্ধে ব্যাপক অভিযান আৰম্ভ কৰিছে। সেই অনুসৰি যোৱা ২৬ ফেব্ৰুৱাৰীৰ পৰা এতিয়ালৈকে মুঠ ১১, ৩৪০ লিটাৰ চুলাই মদ জব্দ কৰি ধ্বংস কৰা হৈছে। তদুপৰি ৩৭৬ লিটাৰ অবৈধভাবে মজুত ৰখা দেশত নিৰ্মিত বিদেশী সুৰাও জব্দ কৰা হৈছে। আৰক্ষী আৰু আবকাৰী বিভাগৰ দ্বাৰা চলোৱা অভিযানত এই সামগ্ৰীসমূহ জব্দ কৰা হয় বুলি জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই জনাইছে। আজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন সংবাদ মেলত এই তথ্য সদৰি কৰি উপায়ুক্ত গৰাকীয়ে লগতে কয় যে নিৰ্বাচনত অবৈধ ধনৰ লেনদেন ৰোধ কৰাৰ বাবে নিৰ্বাচন আয়োগৰ বিধি অনুযায়ী কোনো গ্ৰহণযোগ্য নথি অবিহনে কৰা ৫০ হাজাৰ টকাৰ অধিক পৰিমাণৰ নগদ ধনৰ সৰবৰাহৰ বিৰুদ্ধেও অভিযান তীব্ৰতৰ কৰি তোলা হৈছে। সেই অনুসৰি নিৰ্বাচনৰ দিন ঘোষণাৰ দিন ধৰি ফ্লাইং স্কোৱাড আৰু স্থিৰ নিৰীক্ষক বাহিনী (এছ এছ টি)ৰ দ্বাৰা মুঠ ২৯ লাখ ৩১০০ টকা জব্দ কৰা হৈছে। নিৰ্বাচনী বিধি উলংঘা সম্পৰ্কত অন লাইন যোগে চি-ভিজিল অপত এতিয়ালৈকে ২০ টা অভিযোগ দাখিল হৈছে আৰু আটাইবোৰ অভিযোগ তাৎক্ষণিকভাৱে নিষ্পত্তি কৰা হৈছে বুলিও উপায়ুক্ত গৰাকীয়ে সদৰি কৰে। সংবাদ মেলত উপস্থিত থকা জিলা উন্নয়ন আয়ুক্ত দিগন্ত দাসে এইবেলি নিৰ্বাচন আয়োগৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত কৰ্মৰত সাংবাদিক সকলকো পোষ্টেল বেলট যোগে ভোটদানৰ সুবিধা প্ৰদান কৰা হৈছে বুলি জানিবলৈ দিয়ে। তাৰবাবে তেওঁলোকে অহা ১৫ মাৰ্চৰ ভিতৰত ১২ডি প্ৰপত্ৰ পূৰণ কৰি জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ত ভোটাৰ কাৰ্ডৰ প্ৰতিলিপি সহ জমা দিব লাগিব। অৱশ্যে যি সকলে নিজে কেন্দ্ৰলৈ গৈ ভোটদান কৰিব বিচাৰে তেওঁলোকে এই প্ৰপত্ৰ পূৰণ কৰাৰ কোনো আৱশ্যক নাই বুলি তেওঁ স্পষ্ট কৰি দিয়ে। উল্লেখ যোগ্য যে এইবাৰ বৰপেটা জিলাত ভোটগ্ৰহণৰ বাতৰি সংগ্ৰহৰ বাবে ৭৪ জন সাংবাদিকক স্বীকৃতি প্ৰদান কৰিছে। এইবাৰ ৮০ ৰ উৰ্দ্ধৰ ব্যক্তি আৰু শাৰীৰিক ভাবে বাধাগ্ৰস্থ লোক সকলকো নিজৰ ঘৰৰ পৰাই পোষ্টেল বেলট যোগে ভোটদানৰ সুবিধা প্ৰদান কৰা হৈছে। তাৰবাবে ইতিমধ্যে ১৭৫৭ জনে আবেদন দাখিল কৰা বুলি জানিবলৈ দি উপায়ুক্ত শৰ্মাই কয় যে অহা ২৪, ২৫ আৰু ২৬ মাৰ্চত পৰ্যায়ক্ৰমে ঘৰে ঘৰে গৈ নিৰ্বাচনী দলে তেওঁলোকৰ ভোট সংগ্ৰহ কৰিব। তাৰ বাবে প্ৰয়োজনীয় বিষয়া-কৰ্মচাৰীৰ ১২০ টা দল সাজু কৰা হৈছে যদিও প্ৰাথমিক ভাবে ৮৮ টা দলক কামত নিয়োজিত কৰা হব বুলি শৰ্মাই উল্লেখ কৰে। সংবাদ মেলত অতিৰিক্ত উপায়ুক্ত সব্যসাচী কাশ্যপ আৰু নৱজিৎ পাঠক, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা আৰু নিৰ্বাচন বিষয়া শশী ডেকাও উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *