ৰাজনৈতিক দলৰ প্ৰতিনিধিৰে বৰপেটা উপায়ুক্তৰ পুণৰ বৈঠক //// অভিযুক্ত প্ৰাৰ্থীয়ে তিনিবাৰকৈ প্ৰচাৰ কৰিব লাগিব গোচৰৰ তথ্য

বৰপেটা, ১৫ মাৰ্চ: অপৰাধৰ গোচৰ থকা প্ৰতিজন প্ৰাৰ্থীয়ে গোচৰৰ তথ্য বাতৰি কাকত বা বৈদ্যুতিন মাধ্যমৰ জৰিয়তে অন্ততঃ তিনিবাৰ জাননী প্ৰকাশ কৰিব লাগিব। নিৰ্বাচনী বিধি অনুসৰি মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনৰ ৩ ৰ পৰা চাৰিদিনৰ ভিতৰত প্ৰথমখন এই সম্পৰ্কীয় জাননী চি ১ প্ৰপত্ৰৰ আধাৰত বিজ্ঞাপন আকাৰে প্ৰকাশ কৰিব লাগিব। দ্বিতীয় খন ৫ ৰ পৰা ৮ দিনৰ ভিতৰত আৰু অন্তিমখন জাননী ভোটগ্ৰহণৰ ৪৮ ঘন্টাৰ পূৰ্বে প্ৰকাশ কৰিব লাগিব। বৰপেটা জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই কালি ৰাজনৈতিক দলৰ প্ৰতিনিধি সকলৰ সৈতে অনুষ্ঠিত কৰা এখন সভাত এই কথা প্ৰকাশ কৰে। উপায়ুক্ত গৰাকীয়ে লগতে জনাই যে তেনে প্ৰাৰ্থীক প্ৰাৰ্থিত্ব দিয়াৰ কাৰণ দৰ্শাই দলৰ তৰফৰ পৰাও চি ৩ প্ৰপত্ৰ যোগে বাতৰি কাকতত বিজ্ঞাপন প্ৰকাশ কৰিব লাগিব। নিৰ্বাচনৰ বিভিন্ন প্ৰক্ৰিয়াত ৰাজনৈতিক দল আৰু প্ৰাৰ্থী সকলৰ কৰণীয় কৰ্তব্য সমূহৰ বিষয়ে অৱগত কৰাৰ উদ্দেশ্যে আয়োজিত সভাখনত উপায়ুক্ত গৰাকীয়ে নিৰ্বাচন নিকা আৰু স্বচ্ছ কৰি ৰখাৰ স্বাৰ্থত প্ৰশাসনৰ তৰফৰ পৰা গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ বিষয়েও জানিবলৈ দিয়ে। সভাত অতিৰিক্ত উপায়ুক্ত সব্যসাচী কাশ্যপ আৰু নৱজিৎ পাঠক, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, নিৰ্বাচন বিষয়া শশী ডেকা আৰু সকলো ৰাজনৈতিক দলৰ প্ৰতিনিধি উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *