ঈদৰ নামাজ ঘৰতে আদায় কৰাৰ আহ্বান বৰপেটা উপায়ুক্তৰ । ইছলাম সমাজৰ নেতৃস্থানীয় ব্যক্তিৰ সৈতে জিলা প্ৰশাসনৰ বৈঠক ।

বৰপেটা, ১১ মে’ : আগন্তুক ঈদ-ঊল-ফিটৰৰ পৱিত্ৰ নামাজ এইবাৰ কৰোনা জনিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত নিজ নিজ ঘৰতে আদায় কৰাৰ লগতে ঘৰতছ উৎসৱ উদযাপন কৰিবলৈ বৰপেটা জিলাৰ ভাৰপ্ৰাপ্ত উপায়ুক্ত তেজ প্ৰসাদ ভূষালে সকলোৰে প্ৰতি আহ্বান জনাইছে। কালি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত ইছলাম সমাজৰ নেতৃস্থানীয় ব্যক্তি সকলৰ সৈতে অনুষ্ঠিত এখন বৈঠকত উপায়ুক্ত গৰাকীয়ে এই অনুৰোধ জনাই কয় যে কোভিড নীতি-নিয়ম অনুসৰি সম্প্ৰতি পাচঁজনতকৈ অধিক লোকৰ সমাগম সম্পূৰ্ণ নিষিদ্ধ কৰা হৈছে। যিহেতু এই মহামাৰীয়ে দেশৰ অন্যান্য অংশৰ লগতে অসম তথা বৰপেটা জিলাতো ব্যাপক ৰূপ ধাৰণ কৰিছে সেয়েহে সকলোৱে নিজৰ লগতে আনৰ সুৰক্ষাৰ বাবে সতৰ্ক হব‌ই লাগিব। তেওঁ ঈদৰ বজাৰলৈ যোৱাৰ সময়ত মাস্ক পৰিধান কৰা আৰু সামাজিক দূৰত্ব বৰ্তাই ৰখা আদি নিয়ম পালনৰ ওপৰতো গুৰুত্ব দিয়ে। সভাত জিলা উন্নয়ন আয়ুক্ত দিগন্ত দাস, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ ছিকাৰীয়া , অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠক, অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰুপম হাজৰিকা, চক্ৰ বিষয়া সকল, বৰপেটা জামে মছজিদ সমিতি, হাউলী মছজিদ সমিতি আদি বিভিন্ন ঈদগাহ আৰু মছজিদ সমিতিৰ বিষয়ববীয়াৰ লগতে ইছলাম সমাজৰ কেবাগৰাকী নেতৃস্থানীয় ব্যক্তিয়ে অংশগ্ৰহণ কৰে। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা জানিবলৈ দি কয় যে, সভাত সকলোৱে এইবাৰ কোভিড নীতি-নিয়ম অনুসৰি ঘৰতে থাকি অনুষ্টুপীয়াকৈ ঈদ উদযাপন কৰাৰ পোষকতা কৰে। জিলা উপায়ুক্ত‌ই চক্ৰ বিষয়া সকলক আৰু মছজিদ তথা ঈদগাহ সমিতি সমূহকো এই সম্পৰ্কে ৰাইজৰ মাজত ব্যাপক প্ৰচাৰ চলোৱাৰ আহ্বান জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *