দাম নবঢ়াৱ! ব্যৱসায়ীক বৰপেটা জিলা প্ৰশাসনৰ আহ্বান । উপায়ুক্তৰ কাৰ্যালয়ত সভা, কোভিড নীতি-নিয়ম মানি চলাৰ নিৰ্দেশ।

বৰপেটা, ১১ মে’: বৰপেটা জিলাৰ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ বিক্ৰেতা সকলক সামগ্ৰী সমূহৰ মজুত আৰু মূল্যমানৰ বিষয়ে উল্লেখ কৰি দোকানৰ সন্মুখতে স্পষ্টকৈ দেখাকৈ আৰি দিবলৈ নিৰ্দেশ দিয়া হৈছে। আজি জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূষালৰ নিৰ্দেশ মৰ্মে খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ উদ্যোগত আন্ত: বিভাগীয় বিষয়া সকলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰী সমূহৰ পাইকাৰী আৰু খুচুৰা ব্যৱসায়ী সকল মাজত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ সভাত এই নিৰ্দেশ জাৰী কৰা হয়। উপায়ুক্তৰ হৈ অতিৰিক্ত উপায়ুক্ত কৰ্মদেৱ ব্ৰহ্মৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ব্যৱসায়ী সকলে নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানত মজুত আৰু বিক্ৰী মূল্য সঠিক ভাবে আৰি থোৱাৰ লগতে কোভিডৰ চৰকাৰী নীতি নিৰ্দেশনা মানি সামগ্ৰী বিক্ৰী কৰিবলৈ আহবান জনায়। লগতে প্ৰতিখন দোকানৰ সন্মুখত চাবোন পানী মজুত ৰাখিবলৈ আৰু সঠিকভাৱে হাত ধুইহে ব্যৱসায়িক প্ৰতিষ্ঠানত প্ৰৱেশৰ অনুমতি দিবলৈ আহবান জনোৱা হয় । সভাত যোগান বিভাগৰ বিষয়া সকলৰ লগতে জিলাখনৰ কৃষি, পশুপালন আৰু মীন বিভাগৰ মুৰব্বী বিষয়া সকলো উপস্থিত থাকে। সাম্প্ৰতিক পৰিস্থিতিৰ গইনা লৈ অধিক দৰত সামগ্ৰী বিক্ৰী নকৰিবলৈও কঠোৰ ভাবে সকীয়াই দিয়া হয়। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা প্ৰকাশ কৰি জনাইছে যে, সকলো বিভাগৰ বিষয়া সকলক যোগান বিভাগৰ বলৱৎকাৰী বিষয়াৰ দলৰ সৈতে বজাৰ পৰিদৰ্শন কৰিবলৈ উপায়ুক্ত‌ই আহ্বান জনাইছে ।
বিশেষকৈ মাছ মাংস আৰু কৃষিজাত সামগ্ৰীৰ লগতে নিত্য প্ৰয়োজনীয় সামগ্ৰী সমূহ মজুত ৰাখিবলৈ আৰু কোনেও যাতে অধিক মূল্য ল’ব নোৱাৰে তাৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখিবলৈ বিভাগ সমূহক নিৰ্দেশ দিয়ে । উল্লেখযোগ্য যে কালি জিলাৰ ভাৰপ্ৰাপ্ত উপায়ুক্ত তেজ প্ৰসাদ ভূষালে যোগান বিভাগৰ বিষয়া সকলৰ সৈতে এখন বৈঠকত মিলিত হৈ নিয়মীয়াকৈ বজাৰ পৰিদৰ্শন কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে ব্যৱসায়ী তথা আন্ত:বিভাগীয় বিষয়া সকলক লৈ এখন সভা অনুষ্ঠিত কৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল। তেওঁ নিজেও সঘনাই জিলাখনৰ বজাৰ-সমাৰ পৰিদৰ্শন কৰি আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *