বৰপেটা মেডিকেল কলেজ হাস্পাটালত স্বাস্থ্যমন্ত্ৰী কেশব মহন্তৰ কোভিড পৰিস্থিতিৰ পৰ্যালোচনা । শীৰ্ঘেই স্থাপন হ’ব নতুন অক্সিজেন প্ৰকল্প ।চিকিৎসালয়ত কোভিড ৰোগীৰ মৃত্যুৰ উচিত তদন্ত কৰা হ’ব ।

বৰপেটা,১৩ মে’: ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান, জল সম্পদ আদি বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত‌ই আজি বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় হস্পিতালত উপস্থিত হৈ কোভিড ৰোগীৰ চিকিৎসা সম্পৰ্কে এক পৰ্যালোচনা বৈঠকত মিলিত হয় ৷ বৰপেটা জিলাৰ ভাৰপ্ৰাপ্ত উপায়ুক্ত তেজ প্ৰসাদ ভুষাল, বজালীৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা, আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰ, ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডা: ৰমেন তালুকদাৰৰ উপৰি স্বাস্হ্য বিভাগৰ বিষয়া, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া, গড়কাপ্তানি বিভাগৰ বিষয়া আৰু চিকিৎসক সকলৰ সৈতে কোভিড পৰিস্হিতি সন্দৰ্ভত আৰু চিকিৎসালয়খনৰ অভাৱ-অভিযোগ সম্পৰ্কত আলোচনাত মিলিত হয়। আলোচনাৰ অন্তত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত আজিৰে পৰা অসমত প্ৰতিদিনে এক লাখ লোকক কোভিডৰ ভেকচিন প্ৰদানৰ সিদ্ধান্তৰ কথা বিজ্ঞান আৰু তথ্য প্ৰযুক্তি বিভাগৰো দায়িত্বত থকা মন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে ৷ এইক্ষেত্ৰত অগ্ৰাধিকাৰ ভিত্তিত দ্বিতীয় পালি প্ৰতিষেধক প্ৰদানৰ ওপৰত চৰকাৰে গুৰুত্ব দিব বুলি তেওঁ জানিবলৈ দিয়ে৷
ইপিনে বৰপেটা মেডিকেল কলেজ হাস্পাটালত নতুনকৈ আন এটা অক্সিজেন প্লান্ট প্ৰতিষ্ঠা কৰা হব বুলিও স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে ৷ অহা পোন্ধৰ দিনৰ ভিতৰতে এই অক্সিজেন প্ৰকল্প প্ৰতিষ্ঠাৰ কাম সম্পূৰ্ণ কৰা হ’ব। প্ৰকল্পটোৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে প্ৰায় দুশখন বিচনাত পাইপৰ জৰিয়তে ৰোগীক অক্সিজেন দিব পৰা যাব ৷
আজি আবেলি অথবা কাইলৈৰ পৰাই নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈকো লোকনিৰ্মাণ বিভাগক তেওঁ নিৰ্দেশ দিয়ে৷
কাইলৈৰ ভিতৰতে ক’ভিড কীট, ভেকচিন, আৰু ঔষধৰ নাটনি দূৰ কৰাৰো মহন্ত‌ই প্ৰতিশ্ৰুতি দিয়ে ৷
তদুপৰি তেওঁ জনোৱা মতে, গ্ৰামাঞ্চলত সাধাৰণ লক্ষণযুক্ত ক’ভিড ৰোগীৰ প্ৰাথমিক চিকিৎসাৰ বাবে কোভিড কেয়াৰ চেন্টাৰ স্থাপন কৰা হব। কোভিড পজিটিভ ৰোগীসকল জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ নিৰন্তৰ নিৰীক্ষণত থাকিব আৰু উপযুক্ত চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰে৷
তেওঁ কয় যে, ক’ভিডৰ পৰা ৰক্ষাৰ বাবে দুই এদিনতে নতুন SOP প্ৰকাশ কৰিব চৰকাৰে আৰু মুখ্যমন্ত্ৰীৰ সৈতে এই বিষয়ে আলোচনা কৰি থকা হৈছে ৷
ঘৰতে আইছ’লেচনত থকা বা কন্টেইনমেন্ট জ’নত থকা বিপিএল অৰ্থাৎ দৰিদ্ৰতাৰ সীমা ৰেখাৰ তলৰ পৰিয়ালক দুহেজাৰ টকাৰ খাদ্য সামগ্ৰী প্ৰদানৰ বাবে জিলা উপায়ুক্তক মন্ত্ৰী গৰাকীয়ে নিৰ্দেশ দিয়ে। আনহাতে ক’ভিড কেয়াৰ চেন্টাৰত থকা ৰোগী সকলক নিতৌ তিনিশ টকাৰ খাদ্য প্ৰদান কৰা হব ৷
আনহাতে হাস্পাটালসমুহত চিকিৎসাজনিত গাফিলতিক লৈ বিভিন্ন মাধ্যমত উত্থাপিত অভিযোগ সম্পৰ্কে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় যে, এতিয়াৰে পৰা হস্পিতালত ৰোগীৰ মৃত্যুৰ সন্দৰ্ভত তদন্ত হব লাগিব আৰু কি কাৰণত তেওঁৰ মৃত্যু হ’ল সেই সম্পৰ্কে প্ৰতিবেদন দাখিল কৰিব লাগিব ৷

Leave a Reply

Your email address will not be published. Required fields are marked *