বৰপেটা জেইলৰ অধীক্ষক গোবিন্দ মালাকাৰলৈ ৰাষ্ট্ৰপতিৰ সংস্কাৰমূলক উৎকৰ্ষতাৰ বঁটা ।

বৰপেটা, ১৪ আগষ্ট: সমগ্ৰ ভাৰতবৰ্ষৰে কাৰাগাৰসমূহৰ সংস্কাৰমূলক কামৰ বাবে আগবঢ়োৱা ৰাষ্ট্ৰপতিৰ সংস্কাৰমূলক উৎকৰ্ষতাৰ বঁটাৰ বাবে এইবছৰ অসমৰ পৰা নিৰ্বাচিত হৈছে বৰপেটা জিলা কাৰাগাৰৰ অধীক্ষক গোবিন্দ মালাকাৰ ৷ স্বাধীনতা দিৱস উপলক্ষে ভাৰতৰ গৃহ মন্ত্ৰনালয়ৰ তৰফৰ পৰা প্ৰকাশ পোৱা এক বিবৃতিত ভাৰতৰ বিভিন্ন ৰাজ্যৰ ৩৬ গৰাকী বিষয়া-কৰ্মচাৰীলৈ ৰাষ্ট্ৰপতিৰ এই পুৰস্কাৰ আাগবঢ়োৱাৰ কথা ঘোষণা কৰা হৈছে য’ত গোবিন্দ মালাকাৰেই হৈছে অসমৰ একমাত্ৰ বিষয়া ৷ দীৰ্ঘদিনৰ পৰা কাৰাগাৰখনৰ উৎকৰ্ষ সাধনৰ বাবে নিৰন্তৰ ভাবে কৰি অহা সংস্কাৰমূলক কৰ্মৰাজীৰ বাবেই বিষয়াগৰাকীলৈ এই বঁটা আগবঢ়োৱা হৈছে বুলি প্ৰকাশ ৷ উল্লেখযোগ্য যে কামৰূপ জিলাৰ হাজোৰ বৰদধিৰ প্ৰয়াত পৰেশ চন্দ্ৰ মালাকাৰ আৰু বাসন্তী মালাকাৰৰ দ্বিতীয় পুত্ৰ মালাকাৰ বৰপেটা জিলাৰ প্ৰাক্তন উপায়ুক্ত থানেশ্বৰ মালাকাৰৰ ভাতৃ। গোবিন্দ মালাকাৰৰ এই বঁটা প্ৰাপ্তিৰ বতৰাই কৰ্মস্থলী বৰপেটা লগতে বৰদধিৰ জনসাধাৰণেও আনন্দ উলাহ প্ৰকাশ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *