কংগ্ৰেছী বিধায়ক ৰেকিবুদ্দিন আহমেদৰ বিৰুদ্ধে ক্ষোভ কিয় ৰাইজৰ ? চাওঁক ।

ডিজিটেল সংবাদ, ছয়গাঁও : ছয়গাঁও সমষ্টিৰ কংগ্ৰেছী বিধায়ক ৰেকিবুদ্দিন আহমেদৰ নিজ সমষ্টিতেই জ্বলিল বিধায়ক গৰাকীৰ পুত্তলিকা ৷বিধায়ক ৰেকিবুদ্দিন আহমেদ গ’বেগ-মুৰ্দাবাদ ধ্বনিৰে উত্তাল হৈ পৰিল ছয়গাঁৱৰ নৈপৰীয়া অঞ্চল বৰাখাট অঞ্চল ৷ছয়গাঁও সমষ্টিত তীব্ৰতৰে চলি থকা গৰাখহনীয়া প্ৰতিৰোধ কৰাত সম্পুৰ্ণ ব্যৰ্থ হোৱা বুলি অভিযোগ তুলি শনিবাৰে দুপৰীয়া এনেদৰে বিধায়কগৰাকীৰ প্ৰতিমূৰ্তিত দাহ কৰি কল গছৰ ভেলত তুলি ব্ৰহ্মপুত্ৰ নৈত উটুৱাই দিয়ে ৷ লগতে অতিশীঘ্ৰেই গৰাখহনীয়া প্ৰতিৰোধ নকৰিলে আগন্তক ১ মাহৰ ভিতৰত গুমী-নগৰবেৰা ই এণ্ড ডি মথাউৰীলৈ তীব্ৰ ভাবুকি আহিব বুলি ৰাইজে উল্লেখ কৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *