শ্বিলং, চেৰাপুঞ্জীৰ দৰেই অসমৰ এটা জলপ্ৰবাহে হাত বাউলি মাতিছে পৰ্যটকক ।

ডিজিটেল সংবাদ : শেহতীয়াকৈ পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে চৰাইদেউ জিলাৰ দিল্লী সংৰক্ষিত বনাঞ্চলত থকা এটা জলপ্ৰবাহ । সাতটা শিলৰ সমষ্টিৰে সূষ্টি হোৱা এইটো শিলঘাগৰী নামৰ জলপ্ৰপাত।উজনি অসম বা উত্তৰ অসমৰ লোক সকলে উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ শ্বিলং অথবা চেৰাপুঞ্জী যাম বুলি ভাবিছে তেন্তে তালৈ নগৈ অতি কম খৰচতে অসমৰ এইটো জলপ্ৰবাহেই আপুনি উপভোগ কৰিব পাৰিব প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য্য পৰিবেশ, পাহাৰৰ ফিন ফিনিয়া বতাহ জাকে পলকতে শীতল কৰিব আপোনাৰ দেহ মন। ইফালে এই সুউচ্চ পাহাৰটোৰ পৰা নামি অহা পানীত গা ধুবলৈ এতিয়া ভিৰ কৰিছে অসমৰ বিভিন্ন প্ৰান্তৰ অসংখ্যক পৰ্য্যটকে, আনকি প্ৰকৃতিৰ মনোমহা এই দৃশ্য ৰাজিয়ে পুলকিত কৰি তুলিছে পৰ্য্যটকৰ মন। উজনি অসমৰ অন্যতম বনভোজস্থলী দিল্লী ঘাটৰ পৰা মাত্ৰ কেইমাইল মান গলেই সেউজীয়া পাহাৰৰ মাজেৰে একা বেঁকা বাটেৰে গৈ চৰাইদেউ জিলাৰ হালোৱা গাওঁত এইটো জলপ্ৰপাতৰ সৌন্দৰ্য্য আপুনি উপভোগ কৰিব পাৰিব। সেয়েহে অতি কম খৰচতে আপুনি যদিহে শ্বিলং চেৰাপুঞ্জীৰ সুৱাস ল’ব বিচাৰিছে, তেন্তে নিশ্চয় আপুনি এবাৰ গৈ আহিব পাৰে শিলঘাগৰী জলপ্ৰবাহলৈ।

Leave a Reply

Your email address will not be published. Required fields are marked *