বজালীৰ ভালুকীত পুণৰ প্ৰাণ পাব বিলুপ্তপ্ৰায় ঐতিহাসিক তীৰ্থস্থানে। উপায়ুক্ত‌ৰ পৰিদৰ্শন, পুণৰুদ্ধাৰৰ পদক্ষেপ লোৱাৰ আশ্বাস ।

পাঠশালা, ৮ ছেপ্টেম্বৰ: বজালী মহকুমাৰ ভালুকীত থকা অষ্টাদশ শতিকাৰ এখন সত্ৰ আৰু এটা কালী মন্দিৰ কালি বৰপেটা জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই পৰিদৰ্শন কৰি ইয়াৰ অৱস্থাৰ বুজ লোৱাৰ লগতে স্থানীয় ৰাইজৰ সৈতে প্ৰাচীন উপাসনা স্থান দুটাৰ উন্নয়নৰ বিষয়ে আলোচনা কৰে। ইতিমধ্যে বৰভালুকীত মহাপুৰুষ দামোদৰ দেৱৰ দ্বাৰা স্থাপিত সত্ৰখনৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে অসম দৰ্শন আচঁনিৰ অধীনত ১০ লাখ টকা মঞ্জুৰ কৰাৰ কথা জানিবলৈ দি উপায়ুক্ত গৰাকীয়ে এই থানখনৰ উপযুক্ত সংৰক্ষণ আৰু উন্নয়নৰ বাবে অধিক ধন আৱন্টনৰ বাবে ৰাজ্য চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব বুলি ঘোষণা কৰে। তেওঁ সত্ৰখনত থকা ৰজাদিনীয়া মণিকূটটো যথাযথ ৰূপত সংৰক্ষণ কৰি সত্ৰখন নকৈ গঢ়ি তোলাৰ বাবে উপায়ুক্ত গৰাকীয়ে পৰামৰ্শ দিয়ে। তদুপৰি তেওঁ নতুন প্ৰজন্মক এই প্ৰাচীণ ঐতিহ্যৰ সৈতে চিনাকি কৰি দিয়াৰ আৱশ্যকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সত্ৰখনৰ নামত থকা মাটিৰ সীমা অতি সোনকালে পুণৰ নিৰ্ধাৰণ কৰি সেইবোৰ উদ্ধাৰৰ ব্যৱস্থাও কৰা হব বুলিও শৰ্মাই ৰাইজক আশ্বাস প্ৰদান কৰে। আহোম ৰজা শিৱসিংহই নিৰ্মাণ কৰোৱা এই সত্ৰখনৰ নাতিদূৰত ক্ষুদ্ৰ ভালুকীত ৰাণী ফুলেশ্বৰী কুঁৱৰীয়ে স্থাপন কৰোৱা কালী মন্দিৰটোও পৰিদৰ্শন কৰি উপায়ুক্ত গৰাকীয়ে ইয়াৰ উন্নয়নৰ বাবে যৎপৰোনাস্তি প্ৰচেষ্টা চলোৱা হব বুলি ৰাইজক আশ্বাস দিয়ে। উপায়ুক্ত গৰাকীৰ এই ভ্ৰমণত জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা আৰু ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰসিদ্ধ প্ৰযোজক কৃষ্ণ ৰয়েও সঙ্গ দিয়ে। এই উপলক্ষে দুয়োটা তীৰ্থ ক্ষেত্ৰতে অনুষ্ঠিত চমু ৰাজহুৱা সভাত বৰভালুকী সত্ৰৰ সত্ৰাধিকাৰ নৃপেন্দ্ৰ নাথ গোস্বামী, ভালুকী কালী মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি দুৰ্লভ শৰ্মা, স্থানীয় বিশিষ্ট সমাজ কৰ্মী পৰেশ দাস আৰু বিশিষ্ট নিৱন্ধকাৰ পুলু শৰ্মাও উপস্থিত থাকে। উপায়ুক্ত গৰাকীয়ে ঐতিহাসিক তীৰ্থস্থান দুটাৰ পুনৰুদ্ধাৰৰ বাবে দেখুওৱা আন্তৰিক সদিচ্ছাৰ আৰু আগ্ৰহৰ বাবে ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *