গোৱালপাৰাত অসম ছাত্ৰ সন্থাই দাহ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি ।উৰুৱালে ক’লা পতাকা ।

৯ ফেব্ৰুৱাৰী: নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ কাৰ্যসূচীক লৈ অসমত ক্ষুণ্ণ হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থা । নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে সদৌ অসম ছাত্ৰ সন্থাই । সমগ্ৰ অসম জুৰি প্ৰতিবাদ সাব্যস্ত হোৱাৰ লগতে গোৱালপাৰাতো দাহ কৰে নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি ।নৰেন্দ্ৰ মোদীৰ প্ৰতিমূৰ্তি দাহ কৰি কলা পতাকা উৰুৱাই” নৰেন্দ্ৰ মোদী মুৰ্দাবাদ, সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা হায় হায়, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰিবই লাগিব আদি বিভিন্ন শ্লোগানেৰে চহৰৰ মহাবিদ্যালয়ৰ সন্মুখৰ ৰাজপথত পৰিবেশ উত্তাল কৰি তোলে ।ইয়াৰ পূর্বে একে ঠাইতে কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু আমছুৰ নেতা কৰ্মী সকলে কলা দিৱস পালন কৰাৰ হাতে হাতে বেনাৰ, পোষ্টাৰ লৈ নৰেন্দ্ৰ মোদী মুৰ্দাবাদ ধ্বনিৰে উত্তাল কৰি তোলে আৰু নৰেন্দ্ৰ মোদীৰ ফটো জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ।

From: Abdus Subhan.

Leave a Reply

Your email address will not be published. Required fields are marked *