হঠাৎ পৰিয়াল টো লৈ নামি আহিল কাল অমানিষা ৷৷

১৯ ফেব্ৰুৱাৰী: ৰূপহীহাটৰ গুণাবাৰী গাৱৰ এটা পৰিয়াল৷ হঠাৎ পৰিয়ালটো লৈ নামি আহিল কাল অমানিষা ৷ খবৰ অনুসৰি পৰিয়ালটোৰ মুৰব্বী জিয়াউৰ ৰহমানৰ দুয়োটা বৃক্ক বিকল হৈ পৰিছে ৷ প্ৰায় তিনি মাহ ধৰি চিকিৎসাধীন হৈ তেওঁ ৷পৰিয়ালে মাটি- ভেটি বিক্ৰী কৰি জিয়াউৰ ৰ চিকিৎসা কৰি আহিছে ৷ বৰ্তমানে ধনৰ অভাৱত চিকিৎসা কৰিব পৰা নাই জিয়াউৰ ৰহমানক ৷ পৰিয়ালৰ লোকে জিয়াউৰ ৰ বাবে সদাশয় লোকৰ সহায়ৰ হাত বিচাৰিছে ৷ পৰিয়ালটোৰ যোগাযোগ নম্বৰ- 7002522063-আৰু বেংক একাউন্ট নম্বৰ – নগাৱৰ PNB বেংকৰ বেংকৰ একাউন্ট নম্বৰ 1391000001176৷ উচ্চ শিক্ষিত জিয়াউৰে নগাৱৰ এখন ব্যক্তিগত খন্ডৰ কলেজ এখনত চাকৰি কৰি পৰিয়াল টোক পোহপাল দি আহিছিল ৷ কিন্তু জিয়াউৰ বেমাৰ ত আক্ৰান্ত হোৱাত দুৰ্ভোগীয়া পৰিয়ালটোলৈ নামি আহিছে কাল অনামিষা । সেয়েহে পৰিয়ালটোৰ দৰকাৰ মাথোঁ আপোনাৰ সহায়ৰ । আপোনাৰ কিঞ্চিৎ সহায়ে দুৰ্ভোগীয়া পৰিয়াললৈ আহিব পাৰে হাহিৰ বতৰা ।

নগাঁওৰ পৰা মুকছিদুল হকৰ ৰিপ’ৰ্ট লাইভ নিউজ নৰ্থ ইষ্ট ।

Leave a Reply

Your email address will not be published. Required fields are marked *