বৰপেটা জিলাৰ কামমাৰগাঁওত দৌল উৎসৱৰ সামৰণি


ৰাজ্যাৰ অন্যান্য প্ৰান্তৰ দৰে ফাকুৱাৰ উচাহেৰে মুখৰিত হল বৰপেটা জিলাৰ কামমাৰগাঁওৰ আকাশ বতাহ ৷ বৰপেটা জিলাৰ খাৰিজা বিজনী মৌজাৰ অন্তৰ্গত কামাৰগাওত দেখা গল ৰঙৰ উৎসৱ ফাকুৱাৰ ব্যাপক উচাহ ৷ ৰাধাকৃষ্ণৰ দৌল মহোৎসৱৰ সুৱেৰী উপলক্ষ্যে কামাৰগাওঁৰ উৎসৱস্থলী লোকে লোকাৰণ্য হৈ পৰা দেখা গ’ল ৷ হাজাৰ হাজাৰ দৰ্শনাৰ্থী আৰু শ শ সৰু বৰ বাহনৰ ভিৰ কৰা দেখা গ’ল উৎসৱস্থলীত ৷ ইয়াৰ লগতে দেখা গ’ল ভাৰতৰ ছাত্ৰ ফেডাৰেচন চমুকৈ SFIৰ সুন্দৰ প্ৰয়াস ৷ অন্যান্য অনুষ্ঠানৰ লগতে উপস্থিত হাজাৰ হাজাৰ দৰ্শনাৰ্থীক SFIয়ে যেগান ধৰিলে বিশুদ্ধ খোৱা পানী ৷

বৰপেটাৰোডৰ পৰা জাহিৰুল ইছলামৰ ৰিপ’ৰ্ট, লাইভ নিউজ নৰ্থ ইষ্ট

One thought on “বৰপেটা জিলাৰ কামমাৰগাঁওত দৌল উৎসৱৰ সামৰণি

Leave a Reply

Your email address will not be published. Required fields are marked *