প্ৰকৃতিৰ ভয়ংকৰ ৰুপ: অসমৰ বিভিন্ন প্ৰান্তৰ লগতে দিনতে অন্ধকাৰ নামিল বৰপেটাৰোডলৈ

সময় তেতিয়া ১০ বাজি ৪৫ মিনিট৷ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বৰপেটাৰোড আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত দেখা গ’ল প্ৰকৃতিৰ ৰুদ্ৰমূৰ্ত্তি৷ প্ৰচণ্ড বেগত বলিল ধুমুহা-বৰষুণ৷ বিজুলি ধেৰেকণিৰ কান তাল মৰা শব্দ৷ সম্পূৰ্ণৰূপে অন্ধকাৰ নামি আহিল ধৰালৈ৷ প্ৰকৃতিৰ ৰুষ্ট ৰূপত মাজতে বৰপেটাৰোডত দেখা গ’ল বিপৰীত ছবি৷ প্ৰকৃতিৰ ৰুষ্ট ৰূপৰ সৈতে মোকাবিলা কৰাৰ বাবে দিনতে লাইট জ্বলাই চলিল সৰু বৰ বাহন৷ মুঠৰ ওপৰত ব’হাগ নাহোতেই এজাক প্ৰচণ্ড বৰদৈচিলাই চুই গ’ল অসমৰ বিভিন্ন প্ৰান্তৰ সগতে বৰপেটাৰোড, খাৰিজা বিজনী, গোবৰ্ধনা, হাউলী, সৰভোগ ইত্যাদি অঞ্চল ৷

বৰপেটাৰোডৰ পৰা জাহিৰুল ইছলাম, লাইভ নিউজ নৰ্থ ইষ্ট

Leave a Reply

Your email address will not be published. Required fields are marked *