গোসাইগাঁৱৰ হাউৰিয়াপেটত ইউ পি পি এল আৰু মিত্ৰ দল এ আই ইউ ডি এফৰ বিশাল নিৰ্বাচনী সভাঃ

শ্ৰীৰামপুৰ 17 এপ্ৰিল,গোসাইগাঁৱৰ হাউৰিয়াপেট খেলপথাৰত ইউ পি পি এল আৰু মিত্ৰ দল এ আই ডি এফৰ এক বিশাল জন সমুদ্ৰত পৰিণত হল নিৰ্বাচনী সভা।উক্ত সভাত উপস্থিত থাকে এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ লগতে মিত্ৰ দলৰ মনোনীত প্ৰাৰ্থী ইউ জি ব্ৰহ্ম।এইবাৰৰ 5 নং কোকৰাঝাৰ লোকসভা সমষ্টিত ৰাইজৰ মুখত এটাই কথা পৰিবৰ্তন আৰু পৰিবৰ্তন বুলি সাংবাদিকৰ আগত প্ৰাৰ্থী গৰাকীয়ে মন্তব্য প্ৰদান কৰে।আৰু নিৰ্বাচনত জয়ী হোৱাৰ পিছত সকলো জাতি ধৰ্ম নিৰ্বিশেষে উন্নয়নৰ দিশত কাম কৰি যাব বুলি মন্তব্য দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *