বিজেপি সমগ্ৰ ভাৰতবৰ্ষৰ বাবে বিপদজনক “বিজেপি আৰু ইয়াৰ সহযোগী দলক অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ পৰা আঁতৰাই ধৰ্মনিৰপেক্ষ দলক আদৰণি জনাবলৈ আহ্বান”

বাক্সাৰ খাৰিজা বিজনী মৌজাৰ ৰাঙাচাৰাত ৫ নং কোকৰাঝাৰ সমষ্টিৰ চিপিআইএমৰ প্ৰাৰ্থী বিৰাজ ডেকাৰ সমৰ্থনত ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৰাজনীতিৰ সাধুপুৰুষ মানিক চৰকাৰৰ আহ্বান

৫ নং কোকৰাঝাৰ সমষ্টিৰ চি পি আই এমৰ প্ৰাৰ্থী বিৰাজ ডেকাৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে বাক্সা জিলাৰ খাৰিজা বিজনী মৌজাৰ ৰাঙাচাৰাত অনুষ্ঠিত এক নিৰ্বাচনী সভাত ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মাণিক সৰকাৰ, চিপিআই এমৰ প্ৰাক্তন সাংসদ তথা প্ৰাক্তন বিধায়ক উদ্ধৱ বৰ্মন, প্ৰাক্তন বিধায়ক হেমেন দাস, ৰাজ্যিক নেতা মনোৰঞ্জন তালুকদাৰৰ লগতে অন্যান্য নেতাকৰ্মীসকল উপস্থিত থাকে। নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ধৰ্মীয় তথা সাম্প্ৰদায়িক ৰাজনীতিৰ পৃষ্ঠপোষক বিজেপি আৰু ইয়াৰ সহযোগী দলসমূহক তীব্ৰ সমালোচনা কৰে৷ বিজেপিৰ কৰ্মসংকোচন নীতি, প্ৰলোভনৰ ৰাজনীতি আৰু মিথ্যাচাৰ প্ৰতিশ্ৰুতিক তীব্ৰ বাক্যবানেৰে থকা সৰকা কৰাৰ লগতে অসমৰ খিলঞ্জীয়া মানুহক সংটকত পেলাব পৰা নাগৰিকত্ব সংশোধনী বিলৰ পক্ষত থকা বিজেপি চৰকাৰক বৰ্জন কৰিবলৈ আহ্বান জনায়৷ উল্লেখ্য যে আজিৰ জনসভাখনত বহুসংখ্যক ৰাইজ উপস্থিত আছিল৷

খাৰিজা বিজনীৰ পৰা জিতুল হুছেইনৰ ৰিপৰ্ট লাইভ নিউজ নৰ্থ ইষ্ট।

Leave a Reply

Your email address will not be published. Required fields are marked *