সামাজিক মাধ্যম (FB ) যোগে ইছলাম ধৰ্ম বিৰোধী অমাৰ্জিত পোষ্টক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে দৰঙৰ খাৰুপেটীয়াত

জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰস্ৰাৱৰ লগত ইছ্লাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদ (ছ:) ৰ তুলনা কৰাৰ লগতে নানা ধৰণৰ অশ্লীল মন্তব্য কৰি তোলপাৰ লগায় দৰঙৰ এগৰাকী যুৱকে । ঘটনা সম্পৰ্কে ইত্তেহাদ ফ্ৰন্টে খাৰুপেটীয়া থানাত ইতিমধ্যে এখন এজাহাৰ দাখিল কৰিছে যদিও কুম্ভকৰ্ণ নিদ্ৰাত জিলা প্ৰশাসন । এজাহাৰত উল্লেখ কৰা মতে খাৰুপেটীয়া থানাৰ অন্তৰ্গত কুঁৱৰী পুখুৰী গাঁৱৰ মোজাহিদুল ইছলামে ( Muzahidul Eros ) নিজৰ ফেচবুক একাউন্ট যোগে ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদ (ছ:) হেয় প্ৰতিপন্ন কৰাৰ বাবে অশোভনীয় পোষ্ট কৰি ইছলাম ধৰ্মাৱলম্বী লোকৰ অনুভূতিক আঘাত হনাৰ লগতে ধৰ্মনিৰপেক্ষ সংবিধানক চুডান্ত ভাবে অৱমাননা কৰাত মোজাহিদুল ইছলামৰ বিৰুদ্ধে ইত্তেহাদ ফ্ৰন্টৰ ৰাজ্যিক সাধাৰণ সম্পাদক নুৰ ইছলামে খাৰুপেটীয়া থানাত এজাহাৰ দাখিল কৰিছিল । কিন্তু প্ৰশাষনে যুৱক জনৰ বিৰুদ্ধে কোনো ধৰণৰ আইনী পদক্ষেপ নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে।



আবুল হাছেম
খাৰুপেটীয়া::9859988451

Leave a Reply

Your email address will not be published. Required fields are marked *