৩ মে’ ত মুক্তি লাভ কৰিব অসমীয়া বোলছবি “বৰনদী ভটিয়ায়”

অসমীয়া চিনেমা জগতৰ বাবে আকৌ এটি সুখবৰ। নৱনিৰ্মিত পূৰ্ণ দৈৰ্ঘ্যৰ ছবি “বৰনদী ভটিয়ায়” অহা ৩ মে’ তাৰিখে অসমৰ ছবি গৃহত মুক্তি লাভ কৰিব। ছবিখনৰ বাণিজ্যিক ভিডিঅ’ (Promo) ছাই দৰ্শক সকল মুক্তিৰ দিনলৈ অপেক্ষাত ৰৈছে। সকলো আশাবাদি ছবিখনক লৈ। সৰ্ব্ব বৃহৎ নদী দ্বীপ তথা সত্ৰ নগৰী মাজুলীক মূল পটভূমি হিচাপে লৈ ছবিৰ কাহিনী ভাগ ৰচনা কৰিছে আৰু পৰিচালনা কৰিছে মাজুলীৰ  নবীন পৰিচালক অনুপম কৌশিক বৰাই। বিশ্বৰ দৰবাৰত নিজৰ সুকীয়া পৰিচিটি থকাৰ পাছতো অবজ্ঞা আৰু অবহেলিত হৈ প্ৰতি বছৰে বানে ধুই নিয়া মাজুলীৰ দুৰ্বিসহ জন জীৱনৰ বাস্তৱ ছবিখন দাঙি ধৰিবলৈ য’ত্ন কৰিছে পৰিচালকে। চৰকাৰৰ মাহী আইৰ দৃষ্টি আৰু কোনো ধৰণৰ আধুনীক ব্যৱস্থাৰ পোহৰ নপৰা মাজুলী বাসীৰ প্ৰতিনিয়ত জীৱন পঞ্জীৰ এক দলিল হিচাপে নিৰ্মাণ হৈছে বৰনদী ভটিয়ায়। কিদৰে খহনিয়াত প্ৰাণ দিবলগীয়া হয় মানুহৰ লগতে পশু কুলে আৰু কিদৰে নিৰ্বাসিতৰ দৰে অতিবাহিত কৰিছে জীৱন তাৰ প্ৰকৃত ছবিখন চাবলৈ আমি সকলো উৎসুক হৈ আছোঁ‌। ন-পুৰণি অভিনেতা-অভিনেত্ৰীৰে বৰনদী ভটিয়ায়ক দৰ্শকৰ কাষ চপাই নিবলৈ সকলোৱে চেষ্টা কৰিছে। মাজুলীৰ অন্যতম নাট্য গোষ্ঠী “ভাৱৰিয়া দ্যা টি পজিটিভ” অৰ কলা-কুশলী সকলে যথোপযুক্ত চেষ্টা কৰিছে ছবিখনৰ সফল মুক্তিৰ বাবে। কেনী বসুমতাৰীৰ দৰে আগশাৰীৰ অভিনেতাই ছবিখনত অভিনয় কৰিছে। বৰনগৰৰ জীয়ৰী দৰথি ভৰদ্বাজে মুখ্য নাৰী চৰিত্ৰত অভিনয় কৰিছে।

বৰনগৰৰ সৰভোগতেই অভিনয় জীৱনৰ পাতনি মেলা দৰথি বহু কেইখন উল্লেখযোগ্য নাটত অভিনয় কৰি নাট্য প্ৰতিভাৰে দৰ্শকক আকৰ্ষণ কৰিছে। পাছলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা পৰিৱেশ্য কলাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি অসমৰ প্ৰতিখন মঞ্চতেই প্ৰতিভা প্ৰদৰ্শন কৰিছে। বৰনদী ভটিয়ায়ৰ আগত বহু কেইখন অসমীয়া ছবি, ধাৰাবাহীকত অভিনয় কৰাৰ অভিজ্ঞতা অৰ্জন কৰিছে দৰথিয়ে। শেহতীয়াকৈ মুক্তি লাভ কৰিব লগিয়া ছবিখনক লৈ অভিনেত্ৰি গৰাকী খুবেই আশাবাদী বুলি ক’য় এক আচুতীয়া সাক্ষাৎকাৰত। লগতে ছবিখন অসমৰ দৰ্শকে আকোৱালী ল’ব বুলি কৈ বৃহত্তৰ অসমীয়া জাতিৰ বাবে অসমীয়া নৱবৰ্ষৰ উপহাৰ বুলি সদৰি কৰে। ছবিখনৰ পৰিচালক তথা কলা-কুশলী সহিতে গোটেই সুহৃদ অসমবাসী বোলছবি খনৰ বাণিজ্যিক প্ৰচাৰৰ কামত নিমজ্জিত। অসমৰ বিভিন্ন ঠাইত প্ৰচাৰ চলাই ২৬ এপ্ৰিল তাৰিখে বৰনগৰৰ ঐতিহ্যমণ্ডিত গান্ধী ভৱন প্ৰেক্ষাগৃহত আবেলি ৪ বজাত বাণিজ্যিক প্ৰচাৰৰ বাবে উপস্থিত হয় ছবি খনৰ পৰিচালক সহিতে গোটেই টিম। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক গুণমণি বৰুৱা, সোণমণি শৰ্মা, ভাস্কৰ বৰুৱা, অনুপম কৈশিক বৰা, কৌশিক নাথ, পলাশ মেচৰ লগতে বহুতো ন-পুৰণি শিল্পী হিমাংশু গগৈ, ৰাজীৱ নাথ, মণিষা ভূঞা, দিগন্ত কোঁ‌ৱৰে অভিনয় কৰে। ৰাষ্ট্ৰীয় পুৰষ্কাৰ প্ৰাপ্ত কন্ঠ শিল্পী তৰালী শৰ্মাই কন্ঠদান কৰা ছবিখন সম্পাদনা কৰিছে ৰেণু চেতিয়াই। শব্দ অভিকল্পনা দেৱজিৎ গায়ন আৰু ডি আই কালাৰিষ্ট অৰিন্দম দাস কৰিছে। দেশীয় চলচ্চিত্ৰ মহোৎসৱ “জিঅ”মামি মুম্বাইত ছবিখন প্ৰদৰ্শিত হোৱাৰ উপৰিও “ব্ৰহ্মপুত্ৰ ভেলী” চলচ্চিত্ৰ মহোৎসৱত দৰ্শকৰ বিপুল সহাৰি লাভ কৰিবলৈ সক্ষম হয়। আজি হৈ যোৱা অনুষ্ঠানত তৰালী শৰ্মাই গীত পৰিৱেশন কৰি দৰ্শকক আপ্লুট কাৰে। আমিও আশাবাদী ছবি খনক লৈ। আসমীয়া বোলছবি জগতত পুণৰ নতুন সুৰুযে আশাৰ কঠিয়া সিঁ‌চক তাৰেই কামনা কৰিছোঁ‌।

Leave a Reply

Your email address will not be published. Required fields are marked *