সাংবাদিকক আক্ৰমণৰ ঘটনাৰ বিৰুদ্ধে হাউলীত সাংবাদিকৰ প্ৰতিবাদ

ৰাজ্যত শেহতীয়াকৈ কেইবা গৰাকী সাংবাদিকক আক্ৰমণ কৰাৰ ঘটনাক গৰিহণা দিয়াৰ লগতে দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবীত হাউলীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে সাংবাদিকসকলে ৷ বৰপেটা জিলা সাংবাদিক সন্থাৰ উদ্যোগত ৰূপায়ণ কৰা এই ধৰ্মঘট কাৰ্যসূচীত অংশ গ্ৰহণ কৰি সাংবাদিকসকলে জনায় যে, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ ওপৰত শেহতীয়া ভাবে যি আক্ৰমণ আৰম্ভ হৈছে সেয়া গণতন্ত্ৰৰ প্ৰতি ভাবুকি স্বৰূপ। এনে ঘটনাৰ সৈতে জড়িত দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনায় সাংবাদিকসকলে ৷ ধৰ্মঘটৰ অন্তত সাংবাদিকসকলৰ দাবী সম্বলিত স্মাৰক পত্ৰ জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ৷ উপায়ুক্তৰ হৈ স্মাৰক পত্ৰ গ্ৰহণ কৰে বৰপেটা জিলা চক্ৰ বিষয়া পল্লবী গগৈয়ে।

বৰপেটাৰ পৰা ৰমজান আলীৰ ৰিপ’ৰ্ট লাইভ নিউজ নৰ্থ ইষ্ট,২ মে:

Leave a Reply

Your email address will not be published. Required fields are marked *