যোগীঘোপা ষ্টাৰ ইটা ভাটাত অঘটন । ৭ বছৰীয়া শিশুৰ কৰুণ মৃত্যু

বঙাইগাওঁ জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত বৰপাৰাত বৃহস্পতি বাৰ সন্ধিয়া ৭ মান বজাত


নলাত পৰি ৭ বছৰীয়া শিশুৰ কৰুণ মৃত্যু হয় ।শিশুটি বৰপাৰাৰ মাৰুফা জান্নাত বুলি চিনাক্ত কৰা হৈছে ।ইটা তৈয়াৰ কৰিবলৈ নলা খুন্দাৰ ফলত এই ঘটনা সংঘটিত হয় ।শিশুটি মৃত্যুৰ কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা সৃষ্টি হয়।যোগীঘোপা আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । জানিব পৰা মতে ষ্টাৰ ইটা ভাটাৰ চাৰিওফালে ইটা তৈয়াৰ কৰিবলৈ নলা খুন্দি মাটি ওলোৱা হয়, স্থানীয় ৰাইজে জিলা প্ৰশাসনক ইয়াৰ বিৰুদ্ধে অৱগত কৰাই যদিও কোনো ব্যৱস্থা আজি লৈকে কৰা নাই ।

(প্ৰাণজিৎ চৌহান
অভয়াপুৰী)

Leave a Reply

Your email address will not be published. Required fields are marked *