বৰপেটা চহৰত ধন লুট কৰা যুৱকক ৰাইজৰ লপাথপা-আটক

১২মে: ৰপেটা চহৰৰ মুছলিমপট্টিত অৱস্হিত ভাৰতীয় ষ্টেট বেংকৰ এ টি এম এটিৰ পৰা টকা উঠাবলৈ অহা এগৰাকী মহিলাৰ পৰা টকা লৈ পলাবলৈ ধৰোতেই ৰাইজে ধৰি লপা থপা দি আৰক্ষীক গতাই দিয়ে ৷জানিব পৰা মতে আজি দুপৰীয়া বৰপেটাৰ নিকটবৰ্তী গৰেমাৰী অঞ্চলৰ ফজিলা খাতুনে দেউতাকৰ লগত বৰপেটালৈ আহি বৰপেটা চহৰৰ মুছলিমপট্টিত অৱস্হিত ভাৰতীয় ষ্টেট বেংকৰ এটি এ টি এমৰ পৰা টকা উঠাবলৈ সোমায়৷এটি এম কাৰ্ডেৰে টকা উঠাবলৈ চেষ্টা কৰি থকা সত্ত্বেও টকা নহাত ওচৰতে পূৰ্বৰ পৰা খাপ পিতি থকা দুজন যুৱকৰ এজনে মহিলা গৰাকীক সহায় কৰাৰ চলেৰে মহিলা গৰাকীৰ পৰা এটি এম খন লৈ তেওঁৰ গোপন পিন নম্বৰ লৈ তৎক্ষাণাত বিশ হেজাৰ টকা উলিয়াই লৈ পলাই যাবলে লওতেই মহিলা গৰাকীয়ে চিঞৰ বাখৰ কৰাত ওচৰত থকা কেইজনমান মানুহ আহি টকা লৈ উধাও হব ধৰা যুৱকজনক ধৰি লপা থপা দি আৰক্ষীক গতাই দিয়ে ৷ইপিনে একেলগে থকা আনজন যুৱক সেই স্হানৰ পৰা পলায়ন কৰে ৷আৰক্ষীয়ে আটক কৰা যুৱকজন ধুবুৰী জিলাৰ মনিছ চৰৰ আনাৰ আলী বুলি জানিব পৰা গৈছে ৷ আনহাতে পলাই যাবলৈ সক্ষম হোৱা যুৱক জন ধুবুৰীৰ চাহাব আলী৷

বৰপেটাৰ পৰা ৰমজান আলীৰ ৰিপ’ৰ্ট লাইভ নিউজ নৰ্থ ইষ্ট,

Leave a Reply

Your email address will not be published. Required fields are marked *