NRC ৰ objection ৰ নামত বৰপেটাত” আমুছ”ৰ ধৰ্মঘট ::

আজি আমছুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে অসমৰ সমগ্ৰ জিলাৰ লগতে বৰপেটা জিলা সমিতিৰ উদ্যোগত NRC ৰ objection ৰ নামত
ৰাইজক কৰি অহা অযথা হাৰাশাস্তি বন্ধ কৰাৰ দাবীত ” আমুছ”য়ে বৰপেটা জিলা পুথিভঁৰালৰ সন্মুখত আজি দিনৰ ১১ বজাৰ পৰা ১ বজাৰলৈ ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে। অৱস্থান ধৰ্মঘট কাৰ্যসূচীত আমছুৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত ৰূপায়ন কৰা এই ধৰ্মঘটত আমছুৰ শতাধিক নেতা কৰ্মী উপস্থিত থাকে ৷ এন আৰ চিৰ আপত্তিৰ নামত এটা ধৰ্মৰ লোকক হাৰাশাস্তি চলাই থকা বুলি অভিযোগ কৰি এই হাৰাশাস্তি বন্ধ কৰাৰ বাবে আমছুৰ নেতাসকলে দাবী জনায় ৷ ধৰ্মঘটৰ অন্তত জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে ৷

বৰপেটাৰ পৰা ৰমজান আলীৰ ৰিপ’ৰ্ট লাইভ নিউজ নৰ্থ ইষ্ট,১৩ মে:

Leave a Reply

Your email address will not be published. Required fields are marked *