গোসাঁইগাঁৱত আমছুৰ তীব্ৰ প্ৰতিবাদ : এন আৰ চিৰ নামত হাৰাশাস্তি বন্ধ কৰাৰ দাবীত উত্তাল গোসাঁইগাঁও ।

ৰাজ্যখনত এন আৰ চিৰ কাম দ্ৰুত গতিত চলি থকা সময়ত একাংশ সংগঠন আৰু অচিনাকি ব্যক্তি হকে বিহকে একাংশৰ নামত অভিযোগ কৰি হাৰাশাস্তি দি আহিছে। উক্ত হাৰাশাস্তি বন্ধৰ দাবীত আজি গোসাঁইগাঁৱত আমছুই তীব্ৰ প্ৰতিবাদ সব্যস্ত কৰে।।S/O :- ৰাজ্যখনৰ সৰ্বত্ৰে এন আৰ চিত নাম অহা ব্যক্তিৰ বিৰুদ্ধে অভিযোগ। অভিযোগৰ ভিত্তিত বিভিন্ন এন আৰ চিৰ কেন্দ্ৰত দৌৰিছে প্ৰকৃত ভাৰতীয়। অচিনাকি ব্যক্তি আৰু একাংশ সংগঠন এন আৰ চিৰ খচৰাত নাম অহা ব্যক্তিৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে । ফলত দৰিদ্ৰ লোক সকলে গৰু, ছাগলী, হাঁহ – কুকুৰা ,গহনা বিক্ৰী কৰি নিজৰ নথি পত্ৰ লৈ এন আৰ চিৰ কেন্দ্ৰত ঢাপলি মেলিছে। অনুৰূপ ধৰণে অসমৰ লাখ লাখ ভাৰতীয় লোকে আৰ্থিক, মানসিক ভাৱে হাৰাশাস্তি ভোগ কৰি আহিছে। উক্ত অভিযোগ খৰিচা কৰি এন আৰ চিৰ কাম সুস্থ ভাৱে সম্পন্ন কৰাৰ লগতে ভুৱা অভিযোগ বন্ধ কৰিবলৈ এন আৰ চি কর্তৃপক্ষক দাবী জনোৱাৰ লগতে এন আৰ চি বিৰোধী পক্ষৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়। আজি ইয়াৰ প্ৰতিবাদত পুৱা ১১ বজাৰ পৰা দিনৰ ১ বজালৈ গোসাঁইগাঁও মহকুমাধিপতিৰ কাৰ্যালয়ৰ সমুখত কোকৰাঝাৰ জিলা আমছুৰ উদ্যোগত তিনি ঘনটিয়া ধৰনা কাৰ্যসূচী ৰূপায়ন কৰে। আমছুৰ কর্মী সকলে হাতে হাতে বিভিন্ন প্ৰতিবাদী সম্বলিত বেনাৰ, প্লেকাদ লৈ অসম চৰকাৰৰ হায় হায়, এন আৰ চিৰ বিৰোধী পক্ষ হুচিয়াৰ , আমাক শুদ্ধ এন আৰ চি দিয়ক, এন আৰ চিৰ নামত ৰাইজক হাৰাশাস্তি বন্ধ কৰক, ভুৱা অভিযোগ খৰিচ কৰক, অভিযোগ কাৰীৰ বিৰুদ্ধে কৰ্তৃপক্ষই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক আদি কৰি বিভিন্ন শ্লোগানেৰে আকাশ বতাহ কঁপাই তোলে । ধৰনা কাৰ্যসূচীৰ অন্তত গোসাঁইগাঁও মহকুমাধিপতিৰ যোগেদি এন আৰ চি কৰ্তৃপক্ষলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে আমছুই।Byte :- আমছু নেতা।

Leave a Reply

Your email address will not be published. Required fields are marked *