গোসাঁইগাঁৱত ৰিস্কা চালকৰ পুত্ৰৰ কৃতিত্ব : পাঁচটা বিষয়ত লেটাৰ লৈ উত্তীৰ্ন : গাঁওবাসীৰ সম্বৰ্ধনা :

দৰিদ্ৰতা যে শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ নহয় তাক প্ৰমাণিত কৰি দেখুৱালে গোসাঁইগাঁৱৰ এজন দৰিদ্ৰ ছাত্ৰই। ৰিস্কা চালকৰ পুত্ৰই পাঁচটা বিষয়ত লেটাৰ নম্বৰ লৈ উত্তীৰ্ন হৈ গোসাঁইগাঁও লৈ এক সুনাম কঢ়িয়াই আনিছে। থাকিবলৈ ঘৰ নথকা, বিদ্যুৎ দেখি নোপোৱা ছাত্ৰজনৰ কৃতকাৰ্য্যতাত উৎফুল্লিত গাঁৱৰ ৰাইজ। ঘৰত আহি সম্বৰ্ধনা ৰাইজৰ।

S /O :- গোসাঁইগাঁও মহকুমাৰ একেবাৰে দৰিদ্ৰ পৰিয়ালৰ এজন ছাত্ৰই বিৰল কৃত কাৰ্যতা লাভ কৰাত উৎফুল্লিত গাঁওবাসী। দৰিদ্ৰতা যে শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ নহয় সেয়া আকৌ প্ৰমাণিত হল। গোসাঁইগাঁও মহকুমাৰ ৰূপচী গাঁৱৰ নিবাসী তথা ৰিস্কা চালক বিশ্বনাথ ৰায় আৰু মাতৃ অৰ্চনা ৰায়ৰ জেষ্ঠপুত্ৰ বিজয় ৰায় এইবেলি চিথিলা হাই স্কুলৰ পৰা মেট্ৰিকত উত্তীৰ্ন হয়। তেওঁ অসমীয়া বিষয়ত ৬৫, ইংৰাজীত ৮২, গণিতত ৯২, বিজ্ঞানত ৮২,সমাজ বিজ্ঞানত ৯০ আৰু সংস্কৃতিত ৮৮ নম্বৰ সহ মুঠ ৪৯৯ নম্বৰ লাভ কৰে। ৮৩ শতাংশ পাই উত্তীৰ্ন হয়। দেউতা এগৰাকী দৰিদ্ৰ – নিছলা। পেছাত ৰিস্কা চালক। বিশ্বনাথ কলে সকলো জানে। থাকিবলৈ নাই মাটি । আনৰ মাটিত পলিথিনৰ জুপুৰি সাজি কোনোমতে পৰিয়ালটো জীয়াই আছে। মেধাৱী ছাত্ৰ বিজয় ৰায় আনৰ ঘৰত থাকি পৰা শুনা কৰে। তেওঁ নিতৌ আঢ়ৈ ঘণ্টা কৈ পৰিছিল। বিজয় কেতিয়াও মোবাইল ব্যৱহাৰ কৰা নাই। ঘৰত নাই বহিবলৈ চকী, পঢ়িবলৈ নাই মেজ। নাই বিদ্যুৎ। ভঙা চিঙা বিছনাত বহি বহি কৰে অধ্যয়ন। ঘৰৰ পৰা আঠ – দহ কিলোমিটাৰ অতিক্ৰম কৰি যায় স্কুলত। ৰাস্তাৰ কাষত আনৰ মাটিত জুপুৰি সাজি পাঁচটা বিষয়ত লেটাৰ পাই উত্তীৰ্ন হোৱাত গাঁওবাসী তেওঁক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে উষ্ম আদৰণি জনায়। গাঁওবাসীৰে ভৰি পৰে বিজয়ৰ ঘৰ। ভৱিষ্যত চিকিৎসক হোৱাৰ সপোন দেখা বিজয়ক লৈ আনন্দত নহয় আৰ্থিক দৈনতাত ভাগি পৰিছে পিতৃ মাতৃ। চৰকাৰ আৰু সদাসয় ব্যক্তিৰ পৰা সাহায্য বিচাৰিছে। উল্লেখ যে বিজয় আৰু তেওঁৰ পৰিয়ালে থকা ঘৰৰ নাই বেৰ, চালি। ওপৰত আছে চিঙা পলিথিন আৰু বেৰ বুলিলে গাঁৱত আৰি দিয়া বিভিন্ন দল সংগঠনৰ পোষ্টাৰৰ বেৰ।

Report :- Biswajit Choudhury,Srirampur

Leave a Reply

Your email address will not be published. Required fields are marked *