কলগাছিয়াত সাহিত্য সন্মিলনী আৰু প্ৰগতিশীল সাহিত্য প্ৰকাশনৰ উদ্যোগত অসমীয়া ভাষা ৰক্ষাৰ কচৰৎ সভা

সম্প্ৰতি নাগৰিক পঞ্জী উন্নতিকৰণ প্ৰক্ৰিয়াৰ মাজেৰে নাগৰিকত্ব প্ৰমাণৰ পৰীক্ষাত অৱতীৰ্ণ হৈ জটিল সন্ধিক্ষণত সৰ্বসাধাৰণ ৰাইজে কক্ বকাই থকাৰ সময়ত একাংশ দুষ্ট চক্ৰই “চল” পাল্টাই” ৰ মাজেৰে লোক গণনাত অসমীয়াৰ পৰিবৰ্তে মাতৃভাষা বাংলা লিখিবলৈ প্ৰচাৰ আৰম্ভ কৰিছে ৷দুষ্টচক্ৰৰ এই ফান্দত ভৰি নিদিবলৈ কলগাছিয়াত সাহিত্য সন্মিলনী আৰু প্ৰগতিশীল সাহিত্য প্ৰকাশনৰ উদ্যোগত অসমীয়া ভাষা ৰক্ষাৰ কচৰৎ সভা অনুষ্ঠিত হয় ৷ সভাত উপস্থিত থাকে বৰপেটা জিলা সাহিত্য সন্মিলনীৰ সভাপতি সেখ ৰহমত উল্লাহ , কৃষক মুক্তিৰ কাৰ্যকৰী সভাপতি আশৰাফুল ইছলাম , ডাঃ নজৰুল ইছলাম, ডাঃ ছোৰমান আলী, ডাঃ কায়েম তালুকদাৰ আদি কৰি শতাধিক ৰাইজে সভাত উপস্থিত থাকে ৷সভাত প্ৰত্যেক জন ব্যক্তিয়েই অসমীয়া ভাষা ৰক্ষাৰ পক্ষে মতপোষন কৰে বুলি জানিব পৰা গৈছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *