বৰপেটাত চাঞ্চল্যকৰ ঘটনা ৷ এগৰাকী কিশোৰীক আগভেটি ধৰি চুৰিৰে হানি হত্যাৰ চেষ্টা এগৰাকী যুৱকৰ

বৰপেটাত চাঞ্চল্যকৰ ঘটনা ৷ এগৰাকী কিশোৰীক আগভেটি ধৰি চুৰিৰে হানি হত্যাৰ চেষ্টা এগৰাকী যুৱকৰ ৷কিশোৰী গৰাকী বৰপেটাৰ বৃন্দাৱনহাটীৰ মৃদুপৰ্ণা দাস বুলি জানিব পৰা গৈছে৷ বৰপেটা একাডেমীৰ উচ্চ মাধ্যমিকৰ প্ৰথম বৰ্ষ বিজ্ঞান শাখাৰ ছাত্ৰীগৰাকীয়ে নিজ গৃহৰ পৰা টিউচনলৈ গৈ থকা অৱস্থাত আকস্মিকভাৱে জনৈক আকাশ নামৰ যুৱক এজনে আগভেটি ধৰি নৃশংসভাৱে উপৰ্যুপৰি কিশোৰীগৰাকীক চুৰিৰে আঘাত কৰে৷ সম্প্ৰতি অতি সংকটজন অৱস্থাত কিশোৰীগৰাকীক বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে ৷ ইপিনে এই কাণ্ড সংঘটিত কৰা আকাশ সম্প্ৰতি পলাতক৷ বৰপেটা আৰক্ষীয়ে আকাশক বিচাৰি আৰম্ভ কৰিছে তদন্ত ৷

বৰপেটাৰ পৰা ৰমজান আলীৰ ৰিপ’ৰ্ট লাইভ নিউজ নৰ্থ ইষ্ট

Leave a Reply

Your email address will not be published. Required fields are marked *