শিৰত সেন্দুৰ, হাতত মেহেন্দী লৈ সংসদত উপস্থিত নুছৰত জাহান, ল’লে সাংসদ পদৰ শপত

TMCৰসুন্দৰী সাংসদ নুছৰত জাহান বিগত কেইবাদিনো ধৰি চৰ্চাত আছে। শেহতীয়াকৈ তুৰ্কীত বিবাহপাশত আবদ্ধ হোৱাৰ পিছত ভাৰতলৈ উভতি আহিছে সাংসদগৰাকী। ভাৰতলৈ ওভতাৰ পিছত আজি প্ৰথমবাৰলৈ সংসদত উপস্থিত হয় নুছৰত জাহান। নৱ বিবাহিতা নুছৰতক দেখা গ’ল পৰম্পৰাগত পোছাকত। শিৰত সেন্দুৰ, হাতত মেহেন্দী আৰু হাতত খাৰু পিন্ধি সংসদত উপস্থিত হয় সুন্দৰী সাংসদগৰাকী। সংসদত সাংসদ পদৰ শপত ল’লে নুছৰতে। অভিনেত্ৰীৰ পৰা সাংসদ হোৱা নুছৰত জাহানে চৰণ চুই আশীৰ্বাদ ল’লে অধ্যক্ষ ওম বিৰলাৰ।

সম্প্ৰতি নুচৰাত জাহানে ব্যৱসায়ী নীখিল জৈনৰ লগত বিবাহ পাশত আবদ্ধ হয়।

মমতা বেনাৰ্জীৰ দল তৃণমূল কংগ্ৰেছৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছে নুছৰত জাহান। ইফালে নুছৰতৰ লগতে বেংগলা অভিনেত্ৰী মিমি চক্ৰৱৰ্তীয়েও আজি শপত ল’লে সাংসদ পদৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *