কৰিমগঞ্জত জাপানি এনকেফেলাইটিছে বিপদ ঘন্টা বজালে । জিলাত দুগৰাকি লোকৰ এই মৰন ব্যাধিত মৃত্যু ঘটিছে

কৰিমগঞ্জত জাপানি এনকেফেলাইটিছে বিপদ ঘন্টা বজালে । জিলাত দুগৰাকি লোকৰ এই মৰন ব্যাধিত মৃত্যু ঘটিছে । জিলা স্বাস্থ্য বিবাগৰ পালৰ পৰা সতৰ্কতা অবলম্বন কৰা হৈছে । লগতে মেলেৰিয়াৰো প্ৰকোপ অব্যাহত আছে । চলতি মাহত মেলেৰিয়া ৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটিছে আন দুজন লোকৰ ।
যোৱা সপ্তাহত কৰিমগঞ্জ জিলাৰ ৰাতাবাড়ি সমষ্ঠিৰ চেৰাগিবন্দ গাঁওত মনোজ কৈৰি নামৰ এগৰাকি টেট শিক্ষক জ্বৰত আক্ৰান্ত হৈছিল । পৰবৰ্তিত তেঁওৰ অবস্থা সংকটজনক হলে শিলচৰ মেডিকেল কলেজ চিকিত্সালয়ত ভৰ্তী কৰোৱা হল । কিন্তু দূৰ্ভাগ্যবশত যোৱাকালি পোৱতি নিশা তেওঁৰ মৃত্যু ঘটিছে । জানিব পাৰা মতে লোকজন জাপানি এনকেফেলাইটিছে আক্ৰান্ত মৃত্যু ঘটিছে, যদিও এই মুহুৰ্তলৈকে শিলচৰ মেডিকেল কলেজৰ পৰা চৰকাৰিবাৱে ষোচনা কৰা হোৱা নাই । লোকজন ৰাতাবাড়ি এলাকাৰ পাটাখাউৰি আপগ্ৰেডেড নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল । আনফালে যোৱা ১০ দিন পূৰ্বে কৰিমগঞ্জৰ কালিগঞ্জ এলাকাৰ তিনিগৰাকি লোকৰ মৃত্যু ঘটে শিলচৰ মেডিকেল কলেজ চিকিত্সালয়ত । ইয়াৰ এগৰাকিৰ এনকেফেলাইটিছে আক্ৰান্ত মৃত্যু ঘটিছে । আন দুগৰাকি মেলেৰিয়াৰ প্ৰকোপত মৃত্যু ঘটে । মৃত্যু ঘটা তিনিগৰাকি তাজ উদ্দিন, গুলেনুৰ হুছেইন আৰু ছাহিন উদ্দিন মিজোৰামত কৰ্মৰত আছিল । জ্বৰ লৈ তেওঁলোক কালিগঞ্জ ঘৰত আহিছিল ।
গোটে ৰাজ্যকে ধৰি জিলাখনত এনকেফেলাইটিছে বিপদ ঘন্টা বজালে সতৰ্কতা অবলম্বন কৰা হৈছে বুলি জানিব দিয়ে কৰিমগঞ্জৰ যুগ্ম স্বাস্থ্য সঞ্চালকৰ এপিডেমিলজিষ্ট সুমিত ৰয়ে । তেওঁ কয়, জিলা এতিয়ালৈকে দুগৰাকিৰ এনকেফেলাইটিছত আৰু দুগৰাকি মেলেৰিয়াত আক্ৰান্ত হৈ মৃত্যু ঘটিছে । এলাকা সমূহত আন কোনও ৰোগী আচেনে ইয়াৰ বাৱেও কৰ্মী নিয়োজিত কৰা হৈছে ।

কৰিমগঞ্জৰ পৰা সুজিত দাস।

Leave a Reply

Your email address will not be published. Required fields are marked *