নথি-পত্ৰ থকাৰ পিচতাে হাৰাশাস্তিৰ সন্মুখীন হৈছে ‘ডি’ভােটাৰ:: লােকসভাত কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়া ::


অসমত বিদেশী ন্যায়াধিকৰণে জধে-মধে বিভিন্ন লােকক বিদেশী আখ্যা দিয়াৰ হেতুকে নির্বাচন আয়ােগ আৰু গৃহ মন্ত্ৰালয়ৰ সদস্যৰে গঠিত কমিটীৰ দ্বাৰা প্রথমে এনে অভিযােগ পৰীক্ষা কৰাৰ দাবী জনাইছে , লােকসভাৰ নির্দলীয় সাংসদ নৱ কুমাৰ শৰণীয়াই । কালিলােকসভাৰ শুন্যকালত তেওঁ অসমৰ ডি ভােটাৰৰ বিষয়টো উত্থাপন কৰি কয় যে- ৰাজ্যখনত বহুতাে লােকক ডি ভােটাৰ হিচাপে চিহ্নিত কৰা হৈছে আৰু এনে বহুতাে লােকৰ গােচৰ বিদেশী ন্যায়াধিকৰণত চলি আছে । কিন্তু বাস্তৱক্ষেত্ৰত এনে বহুতাে লােক সঠিক নথি – পত্ৰ থকাৰ পিচতাে তেওঁলোেক হাৰাশাক্তিৰ সন্মুখীন হােৱাৰ লগতে বিদেশী ন্যায়াধিৰণতাে তেনে লােকৰ উচিত বিচাৰ নােহােৱাৰ প্ৰমাণ পােৱা গৈছে । এই কথা উল্লেখ কৰি তেওঁ ইয়াৰ কেইবাটাও উদাহৰণ সংসদত দাঙি ধৰে । ইফালে বিদেশী ন্যায়াধীকৰণৰ বিচাৰ প্রক্রিয়া সঠিক নােহােৱাৰ বহুতাে প্রমাণ পােৱা গৈছে বুলি উল্লেখ কৰি তেওঁ এইক্ষেত্ৰত নির্বাচন আয়ােগ আৰু গৃহ মন্ত্রালয়ৰ সদস্যৰে গঠিত কমিটীৰে তেনে লােকৰ প্ৰাৰম্ভিক তথ্য – পাতি পৰীক্ষা কৰাৰ কাৰণে দাবী জানায় ।তেওঁ কয় যে যিসকলৰ হাতত প্রকুততে নথি – পত্র আছে সেইসকল লােকৰ কেন্দ্ৰ আৰু ৰাজ্যৰ দ্বাৰা এবাৰ পৰীক্ষা কৰিব লাগে আৰু তেনে লােকক ডি ভােটাৰৰ তালিকাৰ পৰা বাহিৰ কৰিব লাগে । এনে বিশেষ পৰীক্ষণত যিসকল লােকৰ নথি – পত্র সঠিক পােৱা যায় তেনে লােকক বিদেশী ন্যায়াধিকৰণলৈ পঠিওৱাৰ পৰিবৰ্তে যিসকলৰ নথি – পত্র পর্যাপ্ত নহা সেই লােকসকলক বিদেশী নায়াধিকৰণলৈ প্ৰেৰণ কৰিব লাগে বুলি তেওঁ কয় ৷ কালি লােকসভাৰ অধ্যক্ষ মাধ্যমেৰে তেওঁ কেন্দ্রীয় চৰকাৰৰ প্রতি বিষয়টোৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা লােৱাৰ কাৰণে দাবী জনায় ।

Leave a Reply

Your email address will not be published. Required fields are marked *