ধুবুৰীত হিন্দী চিনেমাৰ দৰে সংগঠিত হল আদালতৰ সন্মূখত এক হত্যাকাণ্ডৰ চেষ্টা।

ধুবুৰীৰ আদালত চলি থকা এক হত্যাকাণ্ডৰ গোচৰৰ সাক্ষী দিবলৈ আহি মুকুল সেখ নামৰ লোকজনক ছুৰিৰে আঘাত। জানিবপৰা মতে বাতেন আৰু বাবলু নামৰ দূষ্কতিয়ে মুকুল সেখক এই কাণ্ড সংগঠিত কৰিছে বুলি সংবাদ মাধ্যমক জনাইছে। ধুবুৰী আদালতত পুৰনি এটা হত্যাকাণ্ডৰ গোচৰ চলি আছিল সেয়ে উক্ত হত্যাকাণ্ডৰ প্ৰধান সাক্ষী আছিল মুকুল সেখ। আজি কোৰ্টত উপস্থিত হোৱাৰ তাৰিখ আছিল। সেয়ে বাতেনে ধুবুৰী আদালত মুকুল সেখক হাজিৰ নহবলৈ আগতীয়াকৈ ভাবকি প্ৰদান কৰিছিল। কিন্ত তেওঁ নিজৰ জীৱনবাজী ৰাখি ন্যায়ৰ বাবে ধুবুৰী কোৰ্টৰ সন্মূখত কাছাৰী ঘাটত নাওৰ পৰা নামি অহাৰ লগে লগে বাতেন, বাবলু আৰু ১০/১১জনীয়া দল এটাই আহি মুকুল সেখৰ শৰীৰৰ কেইবা ঠাইত ছুৰিৰে আঘাত কৰে তাৰ পৰা মুকুলে দৌৰি আহি কোৰ্টত থকা আৰক্ষীৰ ভৰি ধৰি মোক বচাওক মোক বচাওক চাৰ বুলি কান্দি চিঞৰিবলৈ ধৰিলে। মুকুল সেখৰ নগত ২২হাজাৰ টকাও কাঢ়ি লৈ যায় দুষ্কৃতিকাৰীয়ে। চাওক এই বিষয়ে আৰক্ষীয়ে কি কলে– ।
উল্লালযোগ্য যে এনেদৰে এখন আদালতৰ সন্মূখত এগৰাকী সাক্ষীক হত্যাৰ চেষ্টা চলালে সেয়া আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো লগতে এনে কাণ্ড যাতে ভাৰতবৰ্ষৰ কোনো আদালতত সংগঠিত হব নোৱাৰে তাৰ বাবে এই ঘটনাৰ লগত জড়িত সকলো দোষীক উপযুক্ত শাস্থি প্ৰদান কৰিব লাগে বুলি এগৰাকী অধিবক্তাই মত প্ৰকাশ কৰে।

দেৱান জাহাঙীৰ আলমৰ Report- Live news norteast.

Leave a Reply

Your email address will not be published. Required fields are marked *