NRCৰ বাবেই ৰাজ্যত পুনৰ আত্মহত্যা : বৰপেটাৰোডত চলন্ত ৰেল’ৰ সন্মুখত জপিয়াই আত্মহত্যা কৰিল এগৰাকী ৫৯ বছৰীয়া এজন লোকে

NRCত নাম অন্তৰ্ভূক্ত নোহোৱাৰ বাবেই পুনৰ আত্মহত্যাৰ পথ বাচি ললে বাক্সা জিলাৰ গোৱৰ্ধনা আৰক্ষী চকীৰ অন্তৰ্গত চূণবাৰীৰ আমবৰ আলী নামৰ এগৰাকী ৫৯ বছৰীয়া এজন লোকে৷ D Voter সমস্যাত মানসিকভাৱে ভাগি পৰি আত্মহত্যাৰ পথ বাচি লোৱা বুলি পৰিয়ালৰ লোকে সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷ উল্লেখ্য যে আমবৰ আলী নামৰ লোকজনৰ নাম NRC ত অন্তৰ্ভূক্ত নোহোৱাৰ বাবে দীৰ্ধদীন ধৰি মানসিক ভাৱে ভাগি পৰাৰ লগতে তেওৰ এই ভীতি সম্পৰ্কে ওচৰ চুবিৰীয়াকো অৱগত কৰিছিল৷ কিন্তু দেওবাৰে নিশা ৰেলে কটা অৱস্থাত লোকজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে পৰিয়ালটোত হুৱা দুৱা লাগে আৰু এই ক্ষেত্ৰত NRCৰ D VOTEৰ বাবেই আত্মহত্যাৰ পথ বাচি লোৱা বুলি পৰিয়ালৰ লোকে আভিযোগ উত্থাপন কৰে৷ এই ঘটনাক ABMSU ৰ শালবাৰী জিলা সমিতিয়ে তীব্ৰ ভাষাৰে গৰিহনা দিয়ে৷

Leave a Reply

Your email address will not be published. Required fields are marked *