এইবাৰ অৱসৰপ্ৰাপ্ত অসম আৰক্ষীৰ হাবিলদাৰৰ নামত বিদেশী ন্যায়াধীকৰণৰ জাননী

আকৌ অৱসৰপ্ৰাপ্ত আৰক্ষীৰ নামত বিদেশী ন্যায়ধীকৰণৰ জাননী। ২৫ বছৰ অসম পুলিচত চাকৰি কৰা আব্দুল বাৰেকৰ নামত জাননী। বৰপেটাৰ কলগাছিয়াত ব্যাপক প্ৰতিক্ৰিয়া। বিদেশীৰ নামত প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তিৰ অভিযোগ।

ছানাউল্লাৰ পিছত এইবাৰ আব্দুল বাৰেকৰ নামত বিদেশীৰ জাননী। বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত গুইলেজা গাৱৰ স্থায়ী বাসিন্দা আব্দুল বাৰেক। সুদীৰ্ঘ ২৫ বছৰ কাল অসম পুলিচত চাকৰি কৰি দেশৰ সেৱা কৰিছে। ১৯৮৭ চনত অসম আৰক্ষীত যোগদান কৰি হাবিলদাৰ পদৰ পৰা অৱসৰ লয় ২০১২ চনত।

অৱসৰৰ পিছত এইজন আৰক্ষীৰ নামত ১৯৯৭ চনৰ ভোটাৰ তালিকাত আছিল সন্দেহ জনক ডি। চাকৰিৰ পৰা অৱসৰ লৈ ২০১৩ চনত আব্দুল বাৰেকে ডি ভোটাৰৰ সন্দৰ্ভত আদালতৰ দ্বাৰস্থ হয় আৰু আদালতে তেওঁক প্ৰকৃত ভাৰতীয় বুলি স্বীকৃতি দিয়ে। পৰৱৰ্তী সময়ত ভোটাৰ তালিকাতো নাম আহিল বাৰেকৰ।

কিন্তু তাৎপৰ্য পূৰ্ণ কথা হল আকৌ ২৮ জুন ২০১৯ তাৰিখত বৰপেটা বিদেশী ন্যায়ধীকৰণৰ আদালতে বিদেশীৰ জাননী পত্ৰ প্ৰেৰণ কৰিছে এই জন প্ৰাক্তন অসম পুলিচৰ নামত। উল্লেখ্য যে, আব্দুল বাৰেকৰ পিতৃ সাবান আলীৰ নামত ১৯৫১ চনৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী, ১৯৫৩, ১৯৫৬, ১৯৬৬ আৰু ১৯৭০ চনৰ ভোটাৰ তালিকাত নাম আছে।

ইয়াৰ ওপৰিও ১৯৮৪ চনত খৰিচালা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক আৰু ১৯৮৬ চনত কলগাছিয়াৰ নাৱজ্যোতি মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ ১৯৮৭ চনত অসম পুলিচৰ বেটলিয়ানৰ জোৱান হিচাপে নিযুক্তি লাভ কৰে। ১৮ বছৰ বেটলিয়ানত চাকৰি কৰাৰ পিছত পৰৱৰ্তী সময়ত অসম পুলিচৰ হাবিলদাৰ হিচাপে পদোন্নতি লাভ কৰি সুদীৰ্ঘ ২৫ বছৰ অসম পুলিচত সেৱা আগবঢ়াই অৱসৰ গ্ৰহণ কৰে।

এই ঘটনাক কেন্দ্ৰ কৰি কলগাছিয়াত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিদেশীৰ নামত প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি বন্ধ কৰিবলৈ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰিছে আব্দুল বাৰেকৰ লগতে স্থানীয় ৰাইজে।

Leave a Reply

Your email address will not be published. Required fields are marked *