ৰাজ্যিৰ স্বাস্থ্য বিভাগৰ ফোঁপোলা স্বৰূপ। ১০৮ এম্বুলেন্স সেৱাৰ পৰা বঞ্চিত হব লগা হৈছে বহু ৰোগী

১১জুলাই: সচাঁৰচাৰতেই দমভালি মাৰি অহা ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ডাঙৰীয়া, আপুনি যিমানে কওঁক কিয় ৰাজ্যৰ স্বাস্থ্য বিভাগৰ উৎকৰ্ষ সাধন হৈছে বুলি তথাপিও যেন প্ৰমাণ হৈ আহিছে আপোনাৰ স্বাস্থ্য বিভাগৰ ফোঁপোলাস্বৰূপ |
হয়,আপোনাৰ স্বাস্থ্য বিভাগটোত বিভিন্ন ধৰণৰ আঁচনি প্ৰবৰ্তন কৰিছে যদিওঁ এতিয়াও ৰাজ্যৰ বহু ভিতৰুৱা গাওঁ অঞ্চলত এতিয়াও ১০৮ এম্বুলেন্স সেৱাৰ পৰা বঞ্চিত হব লগা হৈছে বহু ৰোগী |
হয়,তাৰেই যেন প্ৰমাণ হল হোজাই জিলাৰ লংকাৰ কাকীৰ এগৰাকী প্ৰসূতিৰ ক্ষেত্ৰত ,প্ৰায় তিনি কিলোমিটাৰ পথ যন্ত্ৰণাকাতৰ প্ৰসূতিক ঠেলাৰেই আনিবলগীয়া হল চিকিৎসালয়লৈ |

মাননীয় স্বাস্থ্য মন্ত্ৰী ডাঙৰীয়া আপুনি আপোনাৰ বিভাগটোত উৎকৰ্ষ সাধন কৰিছে থিকেই,কিন্তু আপুনি মন কৰিছেনে আপোনাৰ ৰাজ্যত থকা পঞ্চায়ত এলেকাৰ ভিতৰুৱা অঞ্চলবোৰৰ কথা যত নেকি বহু অঞ্চলত আজিও চলাচল কৰিব নোৱাৰে গাড়ী মটৰ,যাব নোৱাৰে এম্বুলেন্স, যাৰ পৰিপেক্ষিতত সাধাৰণ ৰাইজে ঠেলাতেই চিকিৎসালয়লৈ নিব লগীয়া হৈছে প্ৰসূতি অথবা ৰোগী |
এতিয়া আমাৰ মুকলিকৈ প্ৰশ্ন ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ডাঙৰীয়া তথা অসম চৰকাৰলৈ,
উন্নয়নৰ স্লোগান দি অহা আপোনালোকে অসমৰ সাধাৰণ ৰাইজৰ কল্যাণ প্ৰতি কিবা ব্যবস্থা গ্ৰহন কৰিবনে ?
নে কেৱল মহানগৰীৰ চিকিৎসালয় নাইবা নগৰৰ অধীনস্থ ৰাস্তা ঘাটৰেই উন্নয়ন কৰিব ?

হোজাইৰ পৰা গৌতম মেচৰ ৰিপৰ্ট ,
LIVE NEWS North East

Leave a Reply

Your email address will not be published. Required fields are marked *