বিগত কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত আই নদীৰ জলস্তৰ বৃদ্ধি পোৱাত উত্তৰ শালমাৰা মহকুমাৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত হৈ পৰিছে।

১৪ জুলাই:

বিগত কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত আই নদীৰ জলস্তৰ বৃদ্ধি পোৱাত উত্তৰ শালমাৰা মহকুমাৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত হৈ পৰিছে। নৈখন ৰ বাঢ়নী পানীযে সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অধীনস্থ সন্তোষপুৰ-ডুমেৰগুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত কেবাখনো গাঁও বুৰাই পেলায়। বাঢ়নী পানীৰ ফলত সৃষ্টি হোৱা বানপানীত উক্ত পঞ্চায়তটোৰ বিভিন্ন অঞ্চলৰ বাসগৃহ বুৰাই পেলোৱাত নিৰাপদ আশ্ৰয়ৰ সন্ধানত মানুহ আৰু পশুধনে ওখ স্থানত সহাৱস্থান কৰিবলৈ বাধ্য হৈ পৰা পৰিলক্ষিত হৈছে। আনপিনে, আইনদীৰ বাঢ়নী পানীয়ে সন্তোষপুৰৰ গাইড বান্ধ খহাই নিয়াত কেইবাটাও বাসগৃহ জলমগ্ন হৈ পৰাৰ লগতে বিঘাই বিঘাই কুঁহিয়াৰ খেতি বিনষ্ট কৰি পেলোৱাত মূৰে-কঁপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে গঞা ৰাইজৰ।আই নৈৰ বাঢ়নী পানীৰ কৱলত পৰিছে মহকুমাটোৰ কাছাৰীপেটী, তিলপুখুৰী, কীৰ্তনপাৰা, মাত্ৰাঘোলা, মাদ্ৰাছা পাৰা, টোপগাঁও, ডৰালীপাৰা, টুপকাৰচৰ, বৰৈছালা আদিকে ধৰি কুৰিখনৰো অধিক গাঁও। ইপিনে, নেৰানেপেৰা বৰষুণৰ ফলত ফেনে ফুটুকাৰে বাঢ়ি অহা মানাহ নৈৰ বাঢ়নী পানীয়ে কুশবাৰী,বালাৰ গুদাম আদিকে ধৰি কেইবাখনো গাঁও প্লাৱিত কৰিছে।নৈ দুখনৰ প্ৰৱল বানে মহকুমাটোৰ শ শ বিঘা পাচলি খেতি বিনষ্ট কৰিছে। উত্তৰ শালমাৰা মহকুমা প্ৰশাসনে বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰে যদিও এতিয়ালৈকে উক্ত অঞ্চল সমূহত কোনোধৰণৰ বানসাহাৰ্য যোগান নধৰাত খাদ্য আৰু বিশুদ্ধ খোৱা পানীৰ অভাৱত ককবকাইছে বানাক্ৰান্তই । বানপীড়িত অঞ্চলত অতি সোনকালে খাদ্য আৰু বিশুদ্ধ খোৱা পানী লগতে পশুখাদ্য যোগান ধৰিবলৈ প্ৰশাসনৰ ওচৰত দাবী জনাইছে স্থানীয় ৰাইজে।
(প্ৰাণজিৎ চৌহান
অভয়াপুৰী)

Leave a Reply

Your email address will not be published. Required fields are marked *