বৰপেটালৈ গৌৰৱ কঢ়িয়াই আনিলে দুই প্ৰতিভাধৰে

১৪ জুলাইপ্ৰখ্যাত ফেশ্বন ডিজাইনাৰ তথা ডাইৰেক্টৰ অভিলেখ কলিতাৰ তত্বাৱধানত গুৱাহাটীৰ মাছখোৱা আই আই টি সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত ইণ্ডিয়া ইন্টেৰনেচনেল ফেচন শ্বো চিজন থ্ৰী যোৱা ৭ তাৰিখত অনুষ্ঠিত হৈ যায়। উক্ত অনুষ্ঠানটি আয়োজন কৰে ষ্টাৰ আইকণ ইউনিভাৰ্চ ৱৰ্ল্ডয়ে। ফেশ্বন শ্বোটোৰ জৰিয়তে বিবাহিত মহিলা যুৱতী আৰু শিশু সকলৰ মাজত সৌন্দৰ্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। উক্ত প্ৰতিযোগিতাত বৰপেটাৰ দুই জীয়ৰী প্ৰজ্ঞাশ্ৰী অধিকাৰী আৰু ৰুলি ৰাণী দাসে কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হয়। প্ৰতিযোগিতাৰ শিশু সৌন্দৰ্য শিতান প্ৰতিযোগিতাৰ চূড়ান্ত পৰ্বত পাঁচ বছৰ বয়সীয়া প্ৰজ্ঞাশ্ৰী অধিকাৰীয়ে ” MISS KID INDIA INTERNATIONAL WORLD 2019 খিতাপ দখল কৰিবলৈ সক্ষম হয়। প্ৰতিযোগিতাৰ ১৮ বছৰ অনুৰ্ধ্বৰ যুৱতীৰ সৌন্দৰ্য প্ৰতিযোগিতাৰ চূড়ান্ত পৰ্বত ৰুলি ৰাণী দাসে ” MISS INDIA INTERNATIONAL UNIVERSE 2019 খিতাপ দখল কৰি শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ সক্ষম হয়। দুয়োজন প্ৰতিযোগীয়ে পৰৱৰ্তী সময়ত বেংককত হবলগীয়া “MISS UNIVERSE” প্ৰতিযোগিতাৰ বাবে ৰাওনা হব বুলি সংবাদমেলৰ জৰিয়তে জানিবলৈ দিয়ে। প্ৰজ্ঞাশ্ৰী অধিকাৰী বৰ্তমান বৰপেটা এথেনা একাডেমীৰ UKG কাৰ্পেট শ্ৰেণীৰ ছাত্ৰী তথা ৰুলি ৰাণী দাস বৰপেটা ইথচ জুনিয়ৰ কলেজৰ পৰা দ্বিতীয় বৰ্ষ কলা শাখাৰ পৰা উৰ্ত্তীণ হৈ বৰ্তমান গুৱাহাটীৰ লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয়ত সত্ৰীয়া নৃত্য গুৰু বিষয় হিচাপে লৈ অধ্যয়ন কৰি আছে। বৰপেটা কলয়াহাটী নিবাসী প্ৰজ্ঞাশ্ৰী অধিকাৰীৰ পিতৃ শ্ৰী, সনাতন দেৱ অধিকাৰী মাতৃ শ্ৰী ললিতা মহন্ত অধিকাৰী জীয়ৰীৰ কৃতকাৰ্য্যতাত উৎফুল্লিত। অনুৰূপ ধৰণে বৰপেটা পালাংদি হাটী নিবাসী ৰুলি ৰাণী দাসৰ পিতৃ গণেশ দাস, মাতৃ টুনুমনি দাস জীয়ৰীৰ কৃতকাৰ্য্যতাত গৌৰাম্বীতো। ৰুলি ৰাণী দাসে সংবাদমেলৰ জৰিয়তে জানিবলৈ দিয়ে যে, তেওঁৰ গীত, নৃত্য, অভিনয়, সৌন্দৰ্য চৰ্চাৰ আদি গুৰু তেখেতৰ মাতৃ বুলি অভিহিত কৰে। কিন্তু অতি পৰিতাপৰ বিষয় যে, বৰপেটালৈ গৌৰৱ কঢ়িয়াই অনা এই দুই প্ৰতিভাধৰক এতিয়ালৈকে কোনো দল সংগঠন তথা কোনো অনুষ্ঠান প্ৰতিষ্ঠানে আদৰনী জনোৱা নাই।বৰপেটাৰ পৰা ৰমজান আলীৰ ৰিপ’ৰ্ট লাইভ নিউজ নৰ্থ ইষ্ট,

Leave a Reply

Your email address will not be published. Required fields are marked *