নমামী ব্ৰহ্মপুত্ৰ পাতিলেই নহব, বিজ্ঞান সন্মত ভাবে বান গৰাখহনীয়াৰ সমস্যা সমাধান কৰিব লাগিব l বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰাৰ দাবী সংসদত পুনৰ উত্থাপন কৰিব আজমলে

চৰকাৰে কেৱল নমামী ব্ৰহ্মপুত্ৰ উৎসৱ পাতিলেই নহব, বিজ্ঞান সন্মত ভাৱে বান গৰাখহনীয়াৰ সমস্যাৰ সমাধান কৰিব লাগিব । এই মন্তব্য ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ । বিগত দুটা দিন আজমলে সংসদীয় সমষ্টিটোৰ বানপীড়িত এলেকা পৰিদৰ্শন কৰি আজি বিয়লি গোৱালপাৰাৰ ভালুকডুবিত থকা নতুন আৱৰ্ত্ত ভৱনত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত কয় যে চৰকাৰে নমামী ব্ৰহ্মপুত্ৰ উৎসৱৰ নামত হাজাৰ হাজাৰ কোটি টকা খৰচ কৰিলে । অথচ আজি লাখ লাখ মানুহ বান পানীত ককবকাই আছে । পূজা পাঠৰ লগতে বৈজ্ঞানিক ভিত্তিত বান পানী সমস্যাও সমাধান কৰিব লাগিব lআৰু কয় যে ময়েই কিজানি নতুন নিৰ্বাচিত প্ৰথম সাংসদ যিজনে বান পানীৰ খবৰ শুনাৰ লগে লগে সমষ্টিত উপস্থিত হৈ বান পীড়িত এলেকা পৰিদৰ্শন কৰিলো । দুৰ্যোগৰ সময়ত ৰাইজে বিচৰাৰ দৰেই মই তেওঁলোকৰ কাষত আহিছো আৰু ভৱিষ্যতেও থাকিম । অৱশ্যে কাইলৈৰ পৰা সংসদ বহাৰ কাৰণে দুই তিনিদিন দিল্লীত থাকিব বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে অসমৰ সমস্যা সম্পৰ্কে মই অসৰহ ভাৱে সংসদত উত্থাপন কৰি আহিছো । অসমৰ বান গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে গণ্য কৰিব লাগে বুলি ইতিপূৰ্বে ৩০/৪০ বাৰ উত্থাপন কৰিছো যদিও কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত গুৰুত্ব দিয়া নাই । যেতিয়ালৈকে কেন্দ্ৰই অসমৰ এই সমস্যাক ৰাষ্ট্রীয় সমস্যা হিচাপে গণ্য নকৰে তেতিয়ালৈ মই বিষয়টো উত্থাপন কৰিয়ে থাকিম । কিয়নো বান গৰাখহনীয়া সমস্যাক ৰাষ্ট্রীয় সমস্যা হিচাপে কেন্দ্ৰই গণ্য কৰিলেহে এই সমস্যাৰ সমাধান হব । ইফালে গোৱালপাৰাত উপস্থিত হৈ সাংসদ গৰাকীয়ে জিলা প্ৰশাসনৰ পৰা জিলাখনৰ বান পৰিস্থিতিৰ বুজ লয় । অতি তৎপৰাতাৰে জিলা প্ৰশাসনে বনপীড়িতসকলক সাহায্য প্ৰদান কৰিব বুলি সাংসদ গৰাকীক অৱগত কৰে । আনহাতে আজমল ফাউণ্ডেচনেও বনপীড়িত প্ৰতিটো পৰিয়ালক বানসাহায্য প্ৰদান কৰিব বুলি আজমলে সদৰি কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *