বাক্সাৰ খাৰিজা বিজনীত বন্যাৰ্তৰ মাজত এমচিএলএ গৌতম দাসৰ বিভিন্ন খাদ্য সামগ্ৰী বিতৰন

ধাৰাসাৰ বৰষুণৰ ফলত বেঁকী নৈৰ জলপৃষ্ঠ বৃদ্ধি হোৱাত বাক্সা জিলাৰ বিভিন্ন অঞ্চল বানৰ কবলত পৰিছে । শেহতীয়াকৈ বাক্সাৰ ওডালগুৰী বালিপুৰ চৰ বানত ডুব গৈ আছে । বালিপুৰ চৰৰ বানপীড়িত ৰাইজে আশ্ৰয় লৈছে বিদ্যালয় গৃহত । আজি বিপিএফ দলৰ হৈ ২০ মঠনগুৰী সমষ্টিৰ এমচিএলএ গৌতম দাসে কেইবাটাও বান শিবিৰৰ লগতে বাক্সাৰ খাৰিজা বিজনী মৌজাৰ পূৱ খাৰিজা বিজনী এম ই ছোৱালী স্কুলৰ আশ্ৰয় শিবিৰত উপস্থিত হৈ বিভিন্ন খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী বিতৰন কৰে৷ সাংবাদিকৰে হোৱা বাৰ্তালাপত দুদিন পূৰ্বে বন্যাৰ্তৰ বুজ লবলৈ অহা মন্ত্ৰী প্ৰণীলাৰাণী ব্ৰহ্মৰ উদ্যোগত খাদ্যসামগ্ৰখিনি এমচিএলএ গৌতম দাসে বিতৰন কৰা বুলি জানিবলৈ দিয়ে৷ উল্লেখ্য যে যোৱা কেইবাদিনো ধৰি বিপিএফ দলৰ নেতা-কৰ্মীৰ লগতে শালবাৰী জিলাৰ মহকুমাধিপতি আৰু বাক্সা প্ৰশাসনে বানাক্ৰান্তক সহায়ৰ হাত আগবঢ়াই আহিছে৷

বৰপেটা ৰোডৰ পৰা জাহিৰুল ইছলামৰ ৰিপৰ্ট লাইভ নিউজ নৰ্থ ইষ্ট।

Leave a Reply

Your email address will not be published. Required fields are marked *