বানপানীত হাহাকাৰ দক্ষিণ শালমাৰাবাসী ৰাইজৰ গুৰুত্ব নাই চৰকাৰৰ:

প্ৰবল বানপানীত আক্ৰান্ত হৈ হাহাকাৰময় পৰিস্থিতি হৈছে দক্ষিণ শালমাৰবাসী ৰাইজৰ ঘৰ দুৱাৰ এৰি গৰু ছাগলী লৈ দিন ৰাতি একাষাৰ কৰি বিচাৰি পোৱা নাই কোনো আশ্ৰয়স্থল । যদিও কিছু ৰাইজে অলপ আশ্ৰয়স্থল পাইছে তাত নাই গৰু ছাগলী ৰখা কোনো উপযুক্ত ঠাই । আজিলৈকে চৰকাৰৰ ফালৰ পৰা কোনো চৰকাৰী সাহায্য প্ৰদান কৰা নাই। নাই কোনো পশু খাদ্য নাই কোনো শিশু খাদ্য নাই উপযুক্ত খোৱা পানীৰ ব্যৱস্থা শৌচগাৰৰ কোনো সুবিধা নাই উপযুক্ত চিকিৎসা সেৱাৰ অভাৱ এই অভিযোগ দক্ষিণ শালমাৰা মানকাচৰ মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শৰিফুল ইছলাম প্ৰধানীৰ ।আজি শৰিফুল ইছলাম প্ৰধানীৰ নেতৃত্বত ছাত্ৰ সন্থাৰ এটা সজাতি দলে বানাক্ৰান্ত অঞ্চললৈ গৈ ৰাইজৰ লগত মতবিনিময় কৰি এই অভিযোগ উত্থাপন কৰি অতি সোনকালে বিপদগ্ৰস্ত ৰাইজক উদ্ধাৰ কৰি সকলো প্ৰকাৰৰ জৰুৰী সেৱা আগবঢ়াই সহায় সহায় সহযোগিতা কৰিবলৈ চৰকাৰলৈ আহ্বান জনায় সাধাৰণ সম্পাদক শৰিফুল ইছলাম প্ৰধানীয়ে ।

ধুবুৰীৰ পৰা
দেৱান জাহাঙ্গীৰ আলৰ Report- Live news northeast

Leave a Reply

Your email address will not be published. Required fields are marked *