ধুবুৰী জিলাৰ মাজেৰচৰ চলাকুৰা গাওঁ পঞ্চায়তত বান সাহাৰ্য্য আত্মসাৎৰ অভিযোগ স্থানীয় ৰাইজৰ।

পাচ গৰাকী লোকৰ বিৰুদ্বে ধুবুৰী সদৰ থানাত 1246/19 নম্বৰত গোচৰ ৰুজু কৰিলে ভূক্তভোগী ৰাইজে।

বান সাহাৰ্য্যৰ ৩২ বস্তা চাউল জব্দ কৰে আৰক্ষীয়ে।

যি সময়ত ৰাজ্যত ভয়ঙ্কৰ বানপানীৰ কবলত পৰি বানাক্ৰান্ত লোকসকলে এমুঠি অন্যৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হৈছে, ঠিক সেই সময়তে মাজেৰচৰ চলাকুৰা গাওঁ পঞ্চায়তত চৰকাৰী বান সাহাৰ্য্য দিয়াক লৈ ব্যাপক খেলি-মেলিৰ অভিযোগ উত্থাপিত হৈছে। জানিবপৰা মতে ৰাইজক চাউল, ডাইল, মিঠাতেল, নিমক আৰু পশুখাদ্য লৈ সভাপতি আৰু সম্পাদক লগতে কিছু উদণ্ড ব্যক্তি লগত লৈ চক্ৰান্ত কৰি ৰাইজৰ মাজত কমকৈ বিতৰণ কৰি বাকী বস্ত আত্মসাৎ কৰিছে বুলি এক গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে। এই ঘটনাই এক চাঞ্চল্যৰ সৃষ্টি কৰিছে মাজেৰচৰ চলাকুৰা গাওঁবাসীৰ মাজত।

উক্ত গাওঁ পঞ্চায়তৰ সভাপতি সম্পাদক আৰু একাংশ দুষ্ট চক্ৰৰ সহযোগত উক্ত সামগ্ৰী খিনি আত্মসাৎ কৰাৰ অভিযোগ তুলি ধুবুৰী সদৰ থানাত 1246/19 নম্বৰত এক গোচৰ ৰুজু কৰিছে স্থানীয় সচেতন মহলে। সেয়ে ধুবুৰী সদৰ থানাৰ পৰা 2nd O.C – জি, এন, আহমেদে তদন্ত কৰাৰ বাবে বহু কষ্টৰে কিনকিয়া বৰষুণৰ মাজেতো নাওৰে মাজেৰচৰ চলাকুৰা গাওত গৈ তদন্ত কৰি ৩২ বস্তা চাউল জব্দ কৰে। অৱশ্যে চাউল বিলাক Damage থকা বুলি আমাক জনায়। আচামী সকল ক্ৰমে- পঞ্চায়তৰ সভাপতি কেতাপ আলী, সম্পাদক- ওৱাহাব আলী, ইয়াৰওপৰি আনিচুৰ ৰহমান, ৰহিজ উদ্দিন আৰু বেল্লাল হোসেন। উপ- পৰিদৰ্শক জি, এন, আহম্মেদে
স্থানীয় ৰাইজৰ লগত মত বিনিময় কৰি বিভিন্ন ধৰনৰ বান সাহাৰ্য্যৰ ব্যাপক খেলি মেলি পাইছে বুলি উপ- পৰিদৰ্শক জি, এন, আহম্মেদে সাংবাদিকৰ আগত মত প্ৰকাশ কৰে।
উক্ত ঘটনাৰ ওপৰত এক উচিত তদন্তৰ দাবী তুলিছে স্থানীয় ৰাইজে।

কেমেৰাপাৰ্চন
ইছলাম উদ্দিনৰ সৈতে
ধুবুৰীৰ পৰা
দেবান জাহাঙ্গীৰ আলমৰ Report- Live naws northeast.

Leave a Reply

Your email address will not be published. Required fields are marked *