IMDT নহয় NRC হে আমাৰ ৰক্ষা কবচ

কিছুমান দাবী পুৰণৰ বাবে চৰকাৰৰ ওপৰত চাপ সৃষ্টি কৰিবলৈ সংগঠনৰ জন্ম হোৱাৰ বিষয়ে নিশ্চয় আপোনালোকে ভালদৰে অৱগত ।কিন্তু অসম-মিঞা(অসমীয়া)পৰিষদ মাথোন কিছু নিৰ্দিষ্ট দাবী পুৰণৰ বাবেই ইয়াক গঠন কৰা হোৱা নাই বৰং অসমীয়া জাতিৰ বৃহত্তম জনগোষ্ঠীটোৰ পৰিচয় নিৰ্ধাৰণ তথা ইয়াক খিলঞ্জীয়া হিচাপে প্ৰতিষ্ঠাৰে অন্যান্য জনগোষ্ঠীৰ লগত সমন্বয়ৰ এনাজৰিডাল সুদৃঢ় কৰা । যিটো কাম খুবেই টান আৰু কষ্টকৰ । চন্দ্ৰত যোৱা, এভাৰেষ্ট শৃংগত পদাৰ্পন কৰাতকৈ য়ো কঠিন । 1994চনৰ 9 জানুৱাৰীত মিঞা পৰিষদৰ জন্ম দিয়া হৈছে যদিও ইয়াক জন্ম দিয়াৰ চিন্তাভাৱনা আৰম্ভ কৰা হৈছিল 1983 ৰ নেলীৰ হত্যাযোজ্ঞৰ পিছদিনাৰে পৰা । অসমৰ মুছলমানৰ নিৰাপত্তা সুনিশ্চিতি কৰিব লাগে । মুছলমানৰ নিৰাপত্তাহীনতা দুৰ কৰিব লাগে । সংখ্যালঘু পৰিচয়ৰ কিছু সংগঠনে এওঁলোকৰ স্বাৰ্থত তেতিয়া কাম কৰি আছিল । IMDT থাকিলে মুছলমান অসমত থাকিব পাৰিব আৰু বাতিল হ’লে থাকিব নোহোৱাৰিব । গতিকে কংগ্ৰেছে ইয়াক বাহাল ৰখাৰ প্ৰতিশ্ৰুতিৰে মুছলমানৰ ভোট লোৱা আৰু বাতিলৰ প্ৰতিশ্ৰুতিৰে অগপ ই ভোট লোৱা। IMDT মুছলমানৰ ৰক্ষা কৱচ বুলিও কৈছিল কংগ্ৰেছৰ নেতাসকলে । এই বহু বিতৰ্কিত আইন বাহাল থকা স্বত্ত্বেও সোতৰবাৰ হিয়াৰিং হৈছিল ।আপোনাৰ নাগৰিকত্বৰ ওপৰত সন্দেহ কৰি তৰা গোচৰৰ বিচাৰ হৈছিল আই এম ডি টি ক’ৰ্টত । আপুনি নিজকে ভাৰতীয় নাগৰিক বুলি প্ৰমাণ কৰাৰ পিছতো পুনৰায় নাগৰিকত্বৰ পৰীক্ষা দি থাকিবলগীয়া হৈছিল ।আপুনি যে পাছ কৰিলে তাৰ কোনো ছাৰ্টিফিকেট দিয়াৰ ব্যৱস্থা নাই । আনহাতে আই এম ডি টি আইনৰ অৰ্থ হৈছে অবৈধ অনুপ্ৰৱেশকাৰী চিনাক্তকৰণ আইন ।ইয়াৰ কাম হৈছে অবৈধ অনুপ্ৰৱেশকাৰী চিনাক্ত কৰা কিন্তু বৈধ নাগৰিক চিনাক্তকৰণ আইন নহয় । বাৰে বাৰে বিদেশীৰ নোটিশ আৰু আই এম ডি টি ৰ কাষ চাপকগৈ । এয়াই আপোনাৰ একমাত্ৰ কাম নেকি? এনেপটভুমিত পৰীক্ষাত পাছ কৰাৰ পিছত পাছ ছাৰ্টিফিকেট লাগিব । গতিকে বৈধ নাগৰিক চিনাক্তকৰণ আইনহে আমাক লাগে । এইদৰে সোঁতৰ বিপৰীতে মিঞা পৰিষদে সংগঠন হিচাপে সৰ্বপ্ৰথমে ঘোষণা দিলে আই এম ডি টি নহয় এন আৰ চি হে মুছলমানৰ ৰক্ষা কৱচ । IMDT ৰক্ষা কৰিবলৈ বহুতেই আপ্ৰাণ চেষ্টা কৰিছিল যদিও অৱশেষত বাতিল হল, আৰু NRC খন হৈ আছে। আশা ৩১ আগষ্টত পূৰ্ণাংগ ৰূপত প্ৰকাশ পাব।।

Leave a Reply

Your email address will not be published. Required fields are marked *