শালবাৰীত বেঁকী নৈৰ তীব্ৰ গৰাখহনীয়া৷ চপৰা-চপৰে খহিছে মাটি

ভূটানৰ পৰা নামি অহা প্ৰবল জলৰাশিয়ে নামনিৰ বেঁকী,আই,গৌৰাং নদী ভৰাই তুলিছে৷ অস্বাভাৱিকভাবে বৃদ্ধি পোৱা জলস্তৰৰ লগতে মানাহৰ সমীপেৰে বৈ যোৱা বেঁকী নৈৰ তীব্ৰ গৰাখহনীয়াই আতংকৰ সৃষ্টি কৰি কৰিছে বাক্সাৰ শালবাৰীত৷৷শালবাৰী মহকুমাৰ বিশপানী,কালপানী,ৰাঘবিল,নাৰায়ণগুৰি,ননকে খাগ্ৰাবাৰী,চূণবাৰী,এলেঙামাৰী,ছাফাকামাৰ,গোৱৰ্দ্ধনা, মইঠাবাৰী,নেপালী বস্তি,বিহাৰী বস্তিকে ধৰি নৈপৰীয়া বহুকেইখন গাঁৱত গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰাত চপৰাচপৰে খহিছে মাটি, বেঁকী নৈৰ বুকুত প্ৰতিদিনে জাহ গৈছে ঘৰ-ভেটিমাটি, খেতিপথাৰকে ধৰি মন্দিৰ,মছজিদ,স্কুলঘৰ,বিজুলীখুঁটা৷ প্ৰতিদিনে বিঘাই বিঘাই নৈপৰীয়া মাটি উছন হৈ গৈ আছে যদিও এইক্ষেত্ৰত চৰকাৰৰ বৰমূৰীয়াসকলৰ দুৰ্দশাগ্ৰস্ত ৰাইজৰ খবৰ ল’বলৈ আহৰি নাই৷ ২০০৪ চনৰপৰা একেলেথাৰিয়ে হৈ থকা বেঁকী নৈৰ গৰাখহনীয়া স্থায়ীভাৱে ৰোধ কৰিবলৈ চৰকাৰ বা প্ৰশাসনে কোনোধৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভ প্ৰকাশ কৰিছে ভুক্তভোগী ৰাইজে৷ৰাইজে অসম তথা বিটিচি চৰকাৰক অঞ্চলজুৰি হৈ থকা গৰাখহনীয়া স্থায়ীভাৱে ৰোধ কৰিবলৈ দাবী উত্থাপন কৰিছে৷অন্যথা চৰকাৰৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ লগতে এইক্ষেত্ৰত নৈপৰীয়া ৰাইজে আত্মজাহ দিবলৈ বাধ্য হ’ব বুলিও চৰকাৰক সঁকিয়াই দিয়ে৷

বৰপেটা ৰোডৰ পৰা জাহিৰুল ইছলামৰ ৰিপৰ্ট লাইভ নিউজ নৰ্থ ইষ্ট।

Leave a Reply

Your email address will not be published. Required fields are marked *