বাক্সাৰ শালবাৰীৰ গোৱৰ্দ্ধনাত টাটা মেজিকৰ খুন্দাত গুৰুতৰভাৱে আহত বৃদ্ধা

বাক্সাৰ শালবাৰীৰ গোৱৰ্দ্ধনাত কিছুসময় পূৰ্বে টাটা মেজিকৰ খুন্দাত গুৰুতৰভাৱে আহত হয় এগৰাকী বৃদ্ধা৷ আহত বৃদ্ধা গৰাকী গোৱৰ্দ্ধনাৰ শিলপাৰা গাঁওৰ সত্তৰোৰ্ধৰ আমিনা খতুন৷আমিনা খাতুনে গোৱৰ্দ্ধনা চ’কৰ চাৰিআলিৰ পথ পাৰ হ’ব খোজোতেই AS 15C 5018 নম্বৰৰ টাটা মেজিকখনে সমুখৰ পৰা খুন্দিয়াই আহত কৰে৷মেজিকৰ খুন্দাত বৃদ্ধাগৰাকী গাড়ীখনৰ একেবাৰে তলত সোমাই পৰে৷যাৰ বাবে হাত আৰু মুখমণ্ডল বেয়াকৈ আঘাতপ্ৰাপ্ত হয়৷স্থানীয় ৰাইজে ততাতৈয়াকৈ বৃদ্ধাগৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে৷ইতিমধ্যে মেজিকখনৰ চালক মুনচেৰ আলীক গোৱৰ্দ্ধনা আৰক্ষীয়ে আটক কৰাৰ লগতে গাড়ীখনো জব্দ কৰিছে৷

বৰপেটা ৰোডৰ পৰা জাহিৰুল ইছলামৰ ৰিপৰ্ট লাইভ নিউজ নৰ্থ ইষ্ট।
01-08-19

Leave a Reply

Your email address will not be published. Required fields are marked *