বিশ্বৰ কোনো প্ৰান্তত অসমৰ ধৰ্মীয় সংখ্যালঘুৰ নিচিনা অমানৱীয় অত্যাচাৰ কৰি থকা হোৱা নাই- আমছু

নাগৰিকত্বৰ নামত অসমৰ ধৰ্মীয় সংখ্যালঘুৰ সকলক যেনেকৈ অমানবীয় অত্যাচাৰ কৰি থকা হৈছে, বিশ্বৰ কোনো প্ৰান্ততেই এনেকৈ অত্যাচাৰ কৰাৰ নজিৰা নাই বুলি উল্লেখ কৰিছে আমছু সভাপতি ৰেজাউল কৰিম সৰকাৰে। আজি আবেলি ৩ বজাত বাক্সা জিলা আমছুৰ উদ্দোগত, জিলা আমছুৰ সভাপতি মিনহাজুল ইমৰাণৰ সভাপতিত্বত বাক্সা জিলাৰ মৈৰাঝাৰত এন আৰ চি বিষয়ক এক সজাগতা সভা অনুষ্ঠিত হয়। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এনেকৈ ভাষণ প্ৰদান কৰে আমছুৰ সভাপতি গৰাকীয়ে। লগতে এন আৰ চি সমন্বয়ক প্ৰতীক হাজেলাক উদ্দেশ্য কৰি কয় অসমৰ বিজেপি নেত্ৰিত্বাধীন চৰকাৰক সন্তুষ্ট কৰিবৰ উদ্দেশ্যে বহু বৈধ ভাৰতীয় নাম কৰ্তন কৰাৰ ভয়ংকৰ অভিযোগ উৎপাদন কৰে। আৰু উচ্চতম ন্যায়ালয়ৰ উপৰত আস্তা ৰাখি অসমত সুদীর্ঘ কালৰে পৰা এক চক্ৰৰ জড়িয়তে সঙ্গী-টুপি দেখিলেই বাংলা দেশীৰ নামত অপবাদ দিয়াৰ দোকানখন বন্দ হোৱাৰ আশা ব্যক্ত কৰে। আৰু সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি ৰাইজৰ আগত ভাষণ ৰাখি এন আৰ চি’ৰ চুৰান্ত তালিকাৰ পৰা বাদ পৰা লোক সকলে কেনেকুৱা প্ৰস্তুতি লোৱা প্ৰয়োজন, কি কি নথী সংগ্ৰহ কৰিব লাগিব বিতংকৈ বুজাই কয় প্ৰাক্তন আমছু নেতা সাজাহান আলী আহমেদ। আৰু সভাত উপস্থিত থাকি ৰাইজৰ আগত ভাষণ প্ৰদান কৰে আমছুৰ বিভিন্ন পৰ্য্যায়ৰ কেন্দ্ৰীয় তথা জিলা সমিতিৰ বিষয়ববীয়ায়।

Leave a Reply

Your email address will not be published. Required fields are marked *